spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত ক'ভিড পৰিস্থিতি উন্নত; আৰোগ্যৰ হাৰ ৯৬.৪০ শতাংশলৈ বৃদ্ধি

ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত; আৰোগ্যৰ হাৰ ৯৬.৪০ শতাংশলৈ বৃদ্ধি

গুৱাহাটী : ৰাজ্যত কৰ’না পৰিস্থিতি অধিক উন্নত হোৱা দেখা গৈছে৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ১,৪৩৬ জন আক্ৰান্ত চিনাক্ত হৈছে যদিও আৰোগ্যৰ হাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কালিৰ দিনটোত ৰাজ্যত ১,৫৫,৪৯৫জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷

তাৰ ভিতৰত বিগত ২৪ ঘণ্টাত কামৰূপ মেট্ৰ’ত চিনাক্ত হয় ১৬৯জন আক্ৰান্ত৷ গোলাঘাটত ১৩১জন আক্ৰান্ত চিনাক্ত হয়৷ লখিমপুৰত ১২২জন আৰু নগাঁৱত ৭৮জন আক্ৰান্ত চিনাক্ত হয়৷ মঙলবাৰে ৰাজ্যত ১৮জন কৰ’না আক্ৰান্তৰ মৃত্যু হয় আৰু তাৰ বিপৰীতে আৰোগ্য লাভ কৰে ১৩১২জনে৷

সমগ্ৰ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৬.৪০ শতাংশ৷ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ হাৰ এতিয়া ০.৯২ শতাংশলৈ হ্ৰাস হৈছে৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৩,৬৮৮জন লোকে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular