spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকসংক্ৰমণ অব্যাহত : ৰাজ্যত পুনৰ কিমান ক'ভিড ৰোগী চিনাক্ত?

সংক্ৰমণ অব্যাহত : ৰাজ্যত পুনৰ কিমান ক’ভিড ৰোগী চিনাক্ত?

গুৱাহাটী : ৰাজ্যত ঘোষণা কৰা নতুন এছঅ’পি অনুসৰি যথেষ্ঠ শিথিলতা অনা হৈছে যদিও অব্যাহত কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰে ৰাজ্যত ৫৪২গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে৷ ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে সকলো চৰকাৰী কৰ্মচাৰীক ভেকচিন লোৱাটো বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছে৷

শনিবাৰে কামৰূপ মহানগৰ জিলাত চিনাক্ত হৈছে ১০৭ জন কৰ’নাত আক্ৰান্ত লোক৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ১০গৰাকী কৰ’না ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে তথ্য প্ৰকাশ কৰিছে৷

ইপিনে, ৰাজ্যত সুস্থতাৰ হাৰ ৯৭.৯৬ শতাংশলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ০.৬৮ শতাংশ বুলি স্বাস্থ্যবিভাগে জানিবলৈ দিয়ে৷ নতুন এছঅ’পি মতে ক’ভিড নীতিত শিথিলতা অনা হৈছে যদিও সকলোকে সাৱধানে থকাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular