২০২১ৰ শেষভাগতহে আঁতৰিব কৰ’নাসৃষ্ট বিশ্বজোৰা সংকট!

ৱাশ্বিংটন : ২০২১ৰ শেষভাগৰ পূৰ্বে স্বাভাৱিক নহয় ক’ভিড সংক্ৰমিত বিশ্বৰ পৰিস্থিতি। ক’ভিড সংক্ৰমণৰ ভয়াৱহতাই সমগ্ৰ বিশ্বকে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন কৰোঁৱাৰ পাছত এতিয়া সকলোৱে পৰিস্থিতিৰ স্বাভাৱিকতালৈ বাট চাই আছে। কিন্তু অহা বছৰৰ শেষভাগতহে ক’ভিড সৃষ্ট পৰিৱেশ আঁতৰ হৈ পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছে আমেৰিকাৰ এগৰাকী প্ৰখ্যাত কৰ’না ভাইৰাছ বিশেষজ্ঞ ডাঃ এন্থনী ফাউচীয়ে।

আৰু পঢ়িব পাৰিব:অসাধ্য সাধন! ৩০ বছৰত অকলে খান্দিলে ৩ কিঃমিঃৰ কেনেল

তাৰ পূৰ্বে পৰিস্থিতি স্বাভাৱিক হোৱাৰ কোনো সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞগৰাকীয়ে। তেওঁ কয়, কৰ’নাৰ প্ৰতিষেধকে পৰিস্থিতি স্বাভাৱিক হোৱাত সহায় কৰিব কিন্তু এই প্ৰতিষেধক উদ্ভাৱন হ’বলৈ এই বছৰৰ শেষ বা ২০২১ৰ প্ৰথম ভাগলৈ বিশ্বই বাট চাব লাগিব। কেৱল এয়াই নহয়, প্ৰতিষেধক উদ্ভাৱনৰ পাছতো ইয়াক ব্যাপক পৰিমাণত উৎপাদন তথা বিতৰণৰ বাবেও সময়ৰ প্ৰয়োজন হ’ব। উদ্ভাৱনৰ পাছতে লগে লগে মানুহে প্ৰতিষেধক হাততে নাপাব।

আৰু পঢ়িব পাৰিব:বাগিচাত চাঞ্চল্য : পৰশুৰামৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল ভাতৃৰ

এমএছএনবিচি-ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ফাউচী-এ কয়, ২০২১ৰ মাজভাগ বা শেষভাগলৈ বিশ্বৰ এক বৃহৎসংখ্যক লোকলৈ প্ৰতিষেধক পঠিওৱা তথা তেওঁলোকক প্ৰতিষেধক প্ৰদানেৰে সুৰক্ষিত কৰাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে এই ক্ষেত্ৰতো ‘ক’ল্ড চেইন’ বা শীতল কক্ষৰ শৃংখলা নিৰ্মাণৰ দৰে প্ৰত্যাহ্বান থকাৰ কথা তেওঁ উল্লেখ কৰে। কিয়নো এই প্ৰতিষেধক প্ৰদানৰ বাবে সৰবৰাহ কৰিবলৈ বৃহৎ মাত্ৰাত ক’ল্ড ষ্টোৰজৰ প্ৰয়োজন হ’ব। কাৰণ ইয়াক শীতল অৱস্থাত ৰখাটো বাধ্যতামূলক। কৰ’না সম্পৰ্কীয় ভুল তথ্যৰ প্ৰচাৰ তথা একাংশ লোকে এই ভাইৰাছৰ সংক্ৰমণক লঘুভাৱে লোৱা কথাক লৈও ডাঃ ফাউচীয়ে উদ্বেগ প্ৰকাশ কৰে। এই ভাইৰাছৰ সংক্ৰমণে আন ভালেমান জটিল ৰোগৰ সৃষ্টি কৰাৰ আশংকা থকাৰ কথা তেওঁ প্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES