spot_img
26 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়কৰ’নাক পৰাভূত কৰি ৪ সপ্তাহতে সুস্থ শিশু,গৱেষণাই দেখুৱাইছে আশাৰ বাট

কৰ’নাক পৰাভূত কৰি ৪ সপ্তাহতে সুস্থ শিশু,গৱেষণাই দেখুৱাইছে আশাৰ বাট

লণ্ডনঃ দেশত এতিয়া মাৰন ভাইৰাছৰ তৃতীয়তো ঢৌৰ তাণ্ডৱ অব্যাহত। পূৰ্বতে কৰ’নাৰ তৃতীয় ঢৌৰ দ্বাৰা শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হ’ব পাৰে বুলি আশংকা কৰা হৈছিল। শিশুসকলক এইবিধ মাৰাত্মক ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাকে লৈ সম্প্ৰতি সকলো উদ্বিগ্ন। ইফালে, তৃতীয়টো ঢৌ অহাৰ পূৰ্বে, দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকল কৰ’নাত আক্ৰান্ত বুলি প্ৰকাশ পাইছিল। এনে পৰিপ্ৰেক্ষিতত, দ্য লেঞ্চেট চাইল্ড এণ্ড এড’লচেণ্ট হেল্থ জাৰ্নেলৰ এক অধ্যয়নে সাময়িক সকাহ দিছে। অধ্যয়ন অনুসৰি, শিশুৰ শৰীৰৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱ দীৰ্ঘম্যাদী নহয়। কৰ’নাক্ৰান্ত বেছিভাগ শিশুৱে ৬ দিনৰ পাছত প্ৰায় সুস্থ হৈ উঠিছে।


অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি, ‘৪ সপ্তাহৰ পাছতো, শৰীৰত ক’ভিড-১৯ৰ লক্ষণ থকা শিশুৰ সংখ্যা কম। অধ্যয়নটোৰ জ্যেষ্ঠ গৱেষক আথাৰ লণ্ডন কিংছ কলেজৰ অধ্যাপক এমা ডানকনে এক বিবৃতিযোগে সদৰী কৰিছে যে, ‘মই সকলোকে আশ্বাস দিওঁ যে শৰীৰত ক’ভিড-১৯ৰ দীৰ্ঘম্যাদী লক্ষণ থকা শিশু কম। খুব কমসংখ্যক শিশুহে দীৰ্ঘদিন ধৰি ক’ভিড-১৯ত ভুগি থাকে।


উল্লেখ্য যে, এই শিশুসকল ৬ দিন ধৰি অসুস্থ হৈ আছিল। প্ৰথম সপ্তাহত তেওঁলোকৰ গড়ে ৩টাকৈ লক্ষণে দেখা দিছিল। বেছিভাগ শিশু ৪ সপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰিছে। এমাহৰ পাছত ক্ৰমান্বয়ে শিশুসকল সুস্থস হৈ পৰে। অসুস্থতাৰ ৪ সপ্তাহ পাছত তেওঁলোকৰ শৰীৰত ৩টাৰ পৰিৱৰ্তে ২ লক্ষণ দেখা গৈছিল। এই অধ্যয়নটো লণ্ডনত ৫-১৭ বছৰ বয়সৰ ২৫০,০০০-ৰো অধিক শিশুৰ নমুনা সংগ্ৰহেৰে কৰা হৈছিল। জ’-ক’ভিড অধ্যয়ন স্মাৰ্টফোন এপ’ৰ সহায়ত কৰ’নাক্ৰান্তৰ তথ্য সংগ্ৰহ কৰিছিল গৱেষকে। এই তথ্যবোৰ বিগত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰা হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °
Mon
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular