spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকৰাজ্যত তিনি চিকিৎসকসহ ১৫০ লোক আক্ৰান্ত ক'ৰনাত

ৰাজ্যত তিনি চিকিৎসকসহ ১৫০ লোক আক্ৰান্ত ক’ৰনাত

ডিজিটেল ডেস্ক : ক’ৰনাৰ সংক্ৰমণ পূৰ্বতকৈ হ্ৰাস পাইছে যদিও এতিয়াও কিন্তু ৰাজ্যত সম্পূৰ্ণৰূপে ৰোধ হোৱা নাই আক্ৰান্তৰ সংখ্যা৷ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্ৰগতিত চলি আছে৷ ৰাজ্যজুৰি স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে৷ কিন্তু তাৰ মাজতো ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ মঙলবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১৫০ জন লোক৷

ইয়াৰ উপৰি গুৱাহাটী মহানগৰীত মঙলবাৰৰ দিনটোত ৭৬ জন লোক আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ইয়াৰ উপৰি মঙলবাৰৰ দিনটোত মৃত্যু ঘটিছে এজন কৰ’না আক্ৰান্তৰো৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ০.৪৫ শতাংশ বুলি জানিব পৰা গৈছে৷

ইপিনে ক’ভিডত শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত ৩গৰাকী চিকিৎসক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ কৰ’নাত আক্ৰান্ত প্ৰসূতি বিভাগৰ জ্যেষ্ঠ চিকিৎসক অৰুণপাল চৌধুৰী৷ ইয়াৰ উপৰি আন দুগৰাকী চিকিৎসক ৰঞ্জন ধৰ, জয়ন্ত ভট্টাচাৰ্য৷
বৰ্তমানলৈ ৮ গৰাকী চিকিৎসক আক্ৰান্ত কৰ’নাত হোৱাৰ তথ্য পোৱা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular