spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeব্ৰেকিং নিউজদৈনিক আক্ৰান্তৰ সংখ্যাই চুইছে ২লাখৰ ঘৰ! সংক্ৰমণৰ হাৰো বৃদ্ধি পাইছে ১০ শতাংশলৈ...

দৈনিক আক্ৰান্তৰ সংখ্যাই চুইছে ২লাখৰ ঘৰ! সংক্ৰমণৰ হাৰো বৃদ্ধি পাইছে ১০ শতাংশলৈ…

নতুন দিল্লীঃ দেশত অব্যাহত আছে কৰ’নাৰ সংহাৰলীলা। দৈনিক বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ হাৰ। একেদিনাই দেশত দৈনিক ক’ভিড সংক্ৰমণে চুইছেহি ২লাখৰ ঘৰ। বিগত দুটা সপ্তাহত দৈনিক আক্ৰান্তৰ সংখ্যা আছিল ১০,০০০। বিগত ২৪ ঘণ্টাত, দেশত আক্ৰান্তৰ সংখ্যা ১,৯৪,৭২০ । ইফালে সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্যাই ৩কোটিৰ ঘৰ অতিক্ৰম কৰিছে। কৰ’নাত আক্ৰান্তৰ সমান্তৰালকৈ বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। ৪৪২ জন লোকে প্ৰাণ হেৰুৱাইছে কালৰূপী কৰ’নাৰ বাবে।

অৱশ্যে, দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না আক্ৰান্তৰ হাৰ বৃদ্ধি পালেও কেৰালাত মৃতকৰ সংখ্যা অধিক। অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪,৮৬৮। দেশৰ ভিতৰত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰতে সৰ্বাধিক। কৰ’নাৰ দ্বিতীয় ঢৌৰ পাছত দেশখনত সংক্ৰমণৰ হাৰ পুনৰ ১০ শতাংশ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ১১.০৫ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত সপ্তাহত দেশৰ ২৯ খন ৰাজ্যৰ কমেও ১২০ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ অধিক আছিল। স্বাভাৱিকতে, স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যই দেখুৱাইছে যে দেশৰ বিভিন্ন অঞ্চলত কিদৰে ক’ভিডাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। আক্ৰান্তৰ দিশৰ পৰা মহাৰাষ্ট্ৰৰ পাছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে দিল্লী আৰু পশ্চিমবংগ।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular