spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআন্তঃৰাষ্ট্ৰীয়শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি ! বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কতা...

শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি ! বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কতা…

ডিজিটেল ডেস্ক : মহামাৰী ক’ভিডে যোৱা দুটাকৈ বছৰত বিশ্ববাসীত জুৰুলা কৰাৰ পাছতো কিন্তু বৰ্তমানলৈকে শেষ হোৱা নাই ইয়াৰ ত্ৰাস৷ প্ৰতিষেধক উদ্ভাৱণৰ পাছতো সামগ্ৰিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও ক’ভিড ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ সৰ্বাধিক বুলি জানিব পৰা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক তথ্যৰ ভিত্তিত বৰ্তমান ইউৰোপত ৫ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে৷ শিশুসকলৰ মাজত এই সংক্ৰমণ বৃদ্ধি এক চিন্তনীয় কাৰণ হৈ পৰিছে৷

ইয়াৰ উপৰি ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিয়েও ইউৰোপীয় দেশসমূহত শংকাৰ সৃষ্টি কৰিছে৷ শিশুসকলক অ’মিক্ৰনৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰখাৰ লগতে সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাইছে হুৰ ইউৰোপৰ সঞ্চালক ডাঃ হন্স ক্লুজে৷ অৱশ্যে ইউৰোপৰ জনসংখ্যা হিচাপত যুৱ প্ৰজন্মৰ মাজত সম্প্ৰতি বৃদ্ধি পাইছে সংক্ৰমণ৷

উল্লেখ্য যে ইউৰোপ আৰু মধ্য এছিয়াৰ ৫৩খন দেশত বিগত দুমাহত কৰ’নাৰ সংক্ৰমণৰ লগতে এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা দুগুণৰো অধিক হ’ল৷ প্ৰতিষেধক সৃষ্টি হোৱাৰ পাছত এতিয়া সকলোৱে টিকাকৰণ গ্ৰহণ কৰাৰ বাবে অন্য বিকল্প নাই বুলিও ঠাৱৰ কৰিছে ক্লুজে৷ কিন্তু ইয়াৰ বিপৰীতে শিশুসকলৰ বাবে বিশেষ টিকাকৰনৰ ব্যৱস্থা নোহোৱাত ক্ৰমাৎ চিন্তাৰ কাৰণ হৈ পৰিছে৷ ২১খন ইউৰোপ আৰু মধ্য এছিয়াৰ দেশত বৰ্তমানলৈকে অ’মিক্ৰনত আক্ৰান্ত ৪৩২জন আক্ৰান্ত বুলি চিনাক্ত হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular