spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআন্তঃৰাষ্ট্ৰীয়ক’ভিডৰ নতুন লহৰত কম্পিত ইউৰোপ! জাৰি হ’ল নতুন নীতি-নিয়ম

ক’ভিডৰ নতুন লহৰত কম্পিত ইউৰোপ! জাৰি হ’ল নতুন নীতি-নিয়ম

ডিজিটেল ডেস্ক : ক’ভিড শংকাৰ মাজেৰে পাৰ হ’ল দুটাকৈ বছৰ। প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো ঢৌৰ সংহাৰক লৈ ত্ৰস্তমান বিশ্ববাসী। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সময়তে পুনৰ ইউৰোপত ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে ক’ভিডৰ চতুৰ্থ লহৰ৷ শীতৰ আগমনৰ লগে লগে ইউৰোপীয় দেশসমূহত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণো৷ তথ্য অনুসৰি ইউৰোপীয় দেশত প্ৰতি সপ্তাহত ২০লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে৷

ইতিমধ্যে, সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও সেই নীতি নিৰ্দেশনাৰ বিৰুদ্ধে একাংশ ইউৰোপীয় দেশত তীব্ৰ প্ৰতিবাদে গা কৰি উঠিছে৷ তৎকালীনভাৱে ক’ভিড ভেকচিন ল’বলৈ জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনোৱাৰ লগতে বেলজিয়াম চৰকাৰেও জাৰি কৰিছে বহু নিৰ্দেশনা৷ ইপিনে, চৰকাৰৰ ক’ভিড প্ৰতিৰোধ কঠোৰ নীতি-নিয়ম আৰু প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰাৰ বিৰোধিতাৰে অষ্ট্ৰিয়া, ক্ৰৱেছিয়া, বেলজিয়াম, ডেনমাৰ্ক, ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷

ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে, ইটালীত ক’ভিডৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণ পাঁচমাহৰ পাছত বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে৷ লগতে গ্ৰীচতো ক’ভিড গ্ৰহণ নকৰা লোকক ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular