Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeব্ৰেকিং নিউজক’ভিডৰ দ্বিতীয় ঢৌত দেশ শংকিত! প্ৰতিদিনে বৃদ্ধি আক্ৰান্ত

ক’ভিডৰ দ্বিতীয় ঢৌত দেশ শংকিত! প্ৰতিদিনে বৃদ্ধি আক্ৰান্ত

নতুন দিল্লী : দেশত কৰ’না সংক্ৰমণৰ ক্ৰমবৰ্ধমান গতি চিন্তাৰ কাৰণ হৈ পৰিছে। প্ৰতিদিনে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাইছে ব্যাপক হাৰত। শুকুৰবাৰৰ দিনটোত দেশত চিনাক্ত হোৱা কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৮৯,১২৯। আনহাতে মৃত্যু ঘটিছে ৭১৪জন আক্ৰান্তৰ৷ ৪৪,২০২জনক ক’ভিডমুক্ত ঘোষণা কৰা হৈছে আৰু চিকিৎসাধীন হৈ আছে ৬,৫৮,৯০৯জন৷

আৰু পঢ়িব পাৰিব : দলগাঁৱত গঁড়ৰ আতংকঃ আহত এজন

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পাছত এদিনতে চিনাক্ত হোৱা ক’ভিড আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা। দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, কেৰালা, চত্তিশগড়, চণ্ডীগড়, গুজৰাট, মধ্যপ্ৰদেশ, তামিলনাডু, দিল্লী আৰু হাৰিয়ানাৰ অৱস্থা অতি গুৰুতৰ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। এই ৰাজ্যকেইখনৰ পৰিস্থিতিক লৈ শুকুৰবাৰে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰই।

আৰু পঢ়িব পাৰিব : উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী

এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশকেইখনত দেশৰ শেহতীয়া আক্ৰান্ত আৰু মৃতৰ ৯০ শতাংশ চিনাক্ত হৈছে। দেশৰ এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,২৩,৯২,২৬০লৈ। মহাৰাষ্ট্ৰৰ পুনেৰ দৰে মহানগৰত লকডাউন বলৱৎ হোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, কৰ্ণাটকৰ বাছাৱানাহাল্লি হাইস্কুল আৰু কলেজৰ ২৬জন শিক্ষাৰ্থী ক’ভিড পজিটিভ হোৱাৰ বাবে পাঠদান বন্ধ কৰি দিয়া হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular