spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeৰাষ্ট্ৰীয়৯মাহৰ পাছত ভাৰতত ক'ভিড সংক্ৰমণে গঢ়িলে অভিলেখ

৯মাহৰ পাছত ভাৰতত ক’ভিড সংক্ৰমণে গঢ়িলে অভিলেখ

নতুন দিল্লী : ক’ভিডে সকলোৰে মনত শংকা বৃদ্ধি কৰি আহিছে যদিও দেশত সংক্ৰমণ হ্ৰাসে গঢ়িছে নতুন ৰেকৰ্ড৷ ৯ মাহৰ পাছত ক’ভিড সংক্ৰমণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে যোৱা ২৪ ঘন্টাত৷ সোমবাৰে ভাৰতত নতুনকৈ ধৰা পৰিছে ১০,১২৬ জন৷ ২৬৬ দিনৰ পাছত ধৰা পৰা এয়াই হৈছে সৰ্বনিম্ন ক’ভিড পজিটিভৰ সংখ্যা৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত মৃত্যু ঘটিছে ৩৩২জনৰ৷ ইয়াৰ পাছতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩,৪৩,৭৭,১১৩ জনলৈ আৰু মৃতকৰ সংখ্যা বৃদ্ধি ৪,৬১,৩৮৯জনলৈ৷ দেশত আৰোগ্যৰ হাৰ ৯৮.২৪ শতাংশ৷ যিটো হাৰ ২০২০ চনৰ মাৰ্চৰ ভিতৰতে সৰ্বাধিক৷ ১১,৯৮২জনে আৰোগ্য লাভ কৰিছে যোৱা ২৪ ঘন্টাত৷

উল্লেখ্য যে দেশজুৰি চলা ভেকচিন প্ৰদানত বৰ্তমানলৈকে ১০৯ কোটি লোকে লাভ কৰিছে ভেকচিন৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে যোৱা ২৪ ঘন্টাত ৫৯,০৮,৪৪০গৰাকীয়ে ভেকচিন লাভ কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular