Google search engine
26.7 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকসপ্তাহত ১০% আক্ৰান্ত হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন, আৰু কি কি আছে নতুন...

সপ্তাহত ১০% আক্ৰান্ত হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন, আৰু কি কি আছে নতুন নিৰ্দেশনাত?

গুৱাহাটী : ৰাজ্য চৰকাৰে কৰ’না সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি নতুন ক’ভিড নীতি জাৰি কৰিছে৷ শুকুৰবাৰে সন্ধিয়া জাৰি কৰে এই নিৰ্দেশনা৷ ক’ভিডৰ নতুন নিৰ্দেশনাবোৰ এনেধৰণৰ-৭ মে’লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্যআইন৷ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব এই সান্ধ্যআইন৷

আৰু পঢ়িব পাৰিব : ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ

সন্ধিয়া ৬ বজাৰ ভিতৰত বন্ধ হ’ব লাগিব দোকান-পোহাৰ, ধাবা বন্ধ কৰিব লাগিব৷ আনহাতে ই-কমাৰ্চৰ বাবে অলপ শিথিল হ’ব এই নিয়ম৷ ই-কমাৰ্চৰ সামগ্ৰী ডেলিভাৰী ৬ বজাৰ পাছতো দিব পাৰিব৷

আৰু পঢ়িব পাৰিব : পুনৰ ফেচবুকত বিধায়ক আমিনুলৰ বিতৰ্কিত মন্তব্য

বিষয়াৰ বাহিৰে ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব কাৰ্যালয়ত৷ শিক্ষানুষ্ঠানত হ’ব নোৱাৰিব প্ৰাৰ্থনা, সমাৱেশ৷ প্ৰাথমিক শ্ৰেণীৰ ক্ষেত্ৰত অনলাইন ক্লাছত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ধৰ্মীয় স্থানত এঘণ্টাত ২০জন লোকৰ অনুমতি প্ৰদান কৰা হৈছে৷ সপ্তাহত ১০% আক্ৰান্ত হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন৷

RELATED ARTICLES

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular