spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকভেকচিন নল’লে চাকৰি হেৰুৱাব চৰকাৰী কৰ্মচাৰীয়ে: স্বাস্থ্যমন্ত্ৰী

ভেকচিন নল’লে চাকৰি হেৰুৱাব চৰকাৰী কৰ্মচাৰীয়ে: স্বাস্থ্যমন্ত্ৰী

গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতি সাপেক্ষে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা নতুন এছঅ’পিত সকলো চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছিল৷ ইয়াৰ পাছতে আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰৰ পূৰ্বে সকলো চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন ল’ব লাগিব বুলি নিৰ্দেশ দিয়ে৷

ভেকচিন নোলোৱাকৈ কোনো কৰ্মচাৰী কাৰ্যালয়লৈ আহিব নোৱাৰিব৷ ভেকচিন নোলোৱাৰ অজুহাততো যদি কোনো কৰ্মচাৰী কাৰ্যালয়লৈ নাহে, তেন্তে সেই কৰ্মচাৰীজনক বৰ্খাস্ত কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ৷ পৰ্যাপ্ত ভেকচিন থকাৰ পাছতো অৱহেলা কৰাৰ বাবে এই কঠোৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে৷

একেদৰে ভেকচিন নোলোৱাগৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানো৷ প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিক ছীল কৰাৰ ক্ষমতা দিয়ে উপায়ুক্তই৷ একেদৰে সকলো চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখত থাকিব লাগিব ব্যক্তিগত ঘোষণাপত্ৰ৷ প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰী ভেকচিন লোৱাৰ ঘোষণাপত্ৰ লগাব লাগিব নহ’লে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান তৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm with light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
28 °
Fri
28 °
Sat
29 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular