spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআন্তঃৰাষ্ট্ৰীয়টেবলেটৰ জৰিয়তেও সম্ভৱ হ’ব কৰ’না চিকিৎসাৰ : কোন দেশে লাভ কৰিলে মান্যতা

টেবলেটৰ জৰিয়তেও সম্ভৱ হ’ব কৰ’না চিকিৎসাৰ : কোন দেশে লাভ কৰিলে মান্যতা

ডিজেটেল ডেস্ক : দীপাৱলীৰ সময়তে চিকিৎসা সেৱাই বিশ্ববাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ মহামাৰী কৰ’নাই বিশ্ববাসীক ত্ৰস্তমান কৰাৰ পাছতে কৰ’না চিকিৎসাৰ টেবলেটলৈ বৃটেইনে মান্যতা প্ৰদান কৰে৷ বিশ্বৰ প্ৰথমখন দেশে মান্যতা দিলে মল্নুপিৰাভিৰ টেবলেটলৈ৷ এই টেবলেটৰ জৰিয়তেও সম্ভৱ হ’ব কৰ’না চিকিৎসাৰ ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্ক আৰু ৰিজবেক বায়োথেৰাপিউটিক্সৰ দ্বাৰা যুটীয়াভাৱে (মাৰ্ক্স কোম্পানীয়ে) প্ৰস্তুত কৰা এই টেবলেট ক’ভিড চিকিৎসাৰ বাবে উপযোগী হ’ব বুলি নিশ্চিত কৰা হৈছে৷ বৃটেইনৰ ঔষধ নিয়ন্ত্ৰণ সংস্থাই প্ৰদান কৰিলে মান্যতা৷
ক’ভিড ১৯ৰ বাবে অনুমোদিত হোৱা এইটোৱেই প্ৰথম মৌখিক এণ্টিভাইৰেল চিকিৎসা৷ মল্নুপিৰাভিৰ পৰীক্ষা কৰাৰ পাছত যোৱা মাহৰ তথ্যই দেখুৱাইছে যে ৰোগৰ আৰম্ভণিতে ব্যৱহাৰ কৰিলে বা গুৰুতৰ কোভিড-১৯ হোৱাৰ আশংকা থকা লোকসকলৰ মৃত্যু বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস হ’ব পাৰে।

ব্ৰিটেইনৰ স্বাস্থ্য সচিব চাজিদ জাভিদে এক বিবৃতিত কয়, “আমি সমগ্ৰ চৰকাৰ আৰু এনএইচএছৰ সৈতে যিমান সম্ভৱ সোনকালে ৰাষ্ট্ৰীয় অধ্যয়নৰ জৰিয়তে ৰোগীসকলক মল্নুপিৰাভিৰ নিয়োজিত কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ ক্ষীপ্ৰ গতিৰে কাম কৰি আছো।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular