spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকগুৱাহাটীত পুনৰ ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত জিলা উপায়ুক্তৰ

গুৱাহাটীত পুনৰ ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত জিলা উপায়ুক্তৰ

গুৱাহাটী : ক’ভিড সংক্ৰমণ পূৰ্বৰ তুলনাৰ হ্ৰাস পাইছে যদিও মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে৷ মহানগৰীত ক’ভিড সংক্ৰমণ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ।

ক’ভিড সংক্ৰমণ হৈ থকা এলেকাসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজধানী মণ্ডল (capital zone) আৰু পূৱ মণ্ডলত (East zone) পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। সোমবাৰে বিয়লি উপায়ুক্ত কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত।

প্ৰতিদিনে অতি কমেও ১০,০০০ লোকক ক’ভিড পৰীক্ষা কৰিবলৈয়ো নিৰ্দেশ উপায়ুক্তগৰাকীয়ে। সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি উল্লেখ উপায়ুক্ত গৰাকীৰ৷ তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। উল্লেখ্য যে যোৱা ২৪ ঘন্টাত গুৱাহাটীত ধৰা পৰিছে ৮৬জন ক’ভিড পজিটিভ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular