spot_img
28 C
Guwahati
28 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 9, 2021
Homeআঞ্চলিকক’ভিড সংক্ৰমণ বৃদ্ধি : ছখন ৰাজ্যৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰৰ বিশেষ গোট

ক’ভিড সংক্ৰমণ বৃদ্ধি : ছখন ৰাজ্যৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰৰ বিশেষ গোট

নতুন দিল্লী : দেশত ক’ভিডৰ দ্বিতীয় ঢৌ সামান্য প্ৰতিহত হৈছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াও নিৰ্মূল হোৱা নাই। দ্বিতীয় ঢৌ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে তৃতীয় ঢৌৰ আশংকাও সৃষ্টি হৈছে আৰু কৰ’নাৰ ডেল্টা প্লাছ প্ৰকাৰৰ দৰে নতুন উৎপৰিৱৰ্তিত ৰূপেও আশংকাৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে দেশৰ ছখন ৰাজ্যত পুনৰ ক’ভিড সংক্ৰমণ বৃদ্ধিৰ দুঃসংবাদ পোৱা গৈছে। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

আজি এই ছখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে ছটা উচ্চস্তৰীয়, মাল্টি ডিচিপ্লিনেৰী জনস্বাস্থ্য বিশেষজ্ঞৰ গোট। কেৰালা, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ওড়িশা, চত্তিছগড় আৰু মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে বিশেষজ্ঞৰ দল। এই বিশেষজ্ঞৰ দলসমূহে ৰাজ্যকেইখনৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰা তথা কণ্টেইনমেণ্ট নীতি আদি নিৰ্ধাৰণ কৰাৰ দিশত সংশ্লিষ্ট ৰাজ্যৰ স্বাস্থ্য বিভাগক সহায় কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ে সদৰি কৰে যে, এই দলকেইটাই ৰাজ্য চৰকাৰে কোভিড ব্যৱস্থাপনাৰ দিশত সন্মুখীন হোৱা সমস্যাবোৰ পোনপটীয়াকৈ বিশ্লেষণ কৰিব আৰু বিভিন্ন বাধা-নিষেধ আঁতৰ কৰাৰ জৰিয়তে ৰাজ্যসমূহৰ প্ৰয়াসৰ অধিক তৰান্বিত তথা শক্তিশালী কৰি তুলিব। দুজনীয়া এই গোটকেইটাত একোজন ক্লিনিকেল আৰু একোজন ৰাজহুৱা স্বাস্থ্য বিশেষজ্ঞ আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular