Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকক’ভিডত আক্ৰান্ত হৈ নগাঁৱত পুনৰ দুজনৰ মৃত্যু

ক’ভিডত আক্ৰান্ত হৈ নগাঁৱত পুনৰ দুজনৰ মৃত্যু

নগাঁও: সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ নগৰ-চহৰ গাঁৱে-ভূঞে এতিয়া কেৱল ক’ভিডৰ বিভীষিকা৷ আজি ক্ষন্তেক সময়ৰ পূৰ্বে নগাঁও চহৰৰ ভূঞাপট্টীৰ নিবাসী তথা নগাঁও জিলা পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত লাইব্ৰেৰীয়ান হেমকান্ত ভূঞা (৯০)ৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত ভূঞাৰ ভাতৃ আৰু ভাই বোৱাৰী ক’ভিডতে আক্ৰান্ত হৈ ঘৰতেই চিকিৎসাসেৱা গ্ৰহণ কৰি আছে।

আৰু পঢ়িব পাৰিব :   দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিন : ফলাফল প্ৰত্যাশিত হোৱাৰেই স্পষ্ট ইংগিত

ইপিনে, শনিবাৰৰ নিশা ক’ভিডত আক্ৰান্ত হৈ নগাঁও চহৰৰে লাওঁখোৱা ৰোডৰ গান্ধী নগৰৰ লালবাবু সিং (৭২) নামৰ এজন লোকৰ মৃত্যু হয়৷ জানিবপৰা মতে, কালিৰ পুৱাৰ ভাগত তেওঁৰ লগতে পত্নীৰ গা-বেয়া লগাত ক’ভিড টেষ্ট কৰায়৷ ক’ভিড পৰীক্ষাৰ পাছত দুয়োৰে দেহত ক’ভিডৰ উপস্থিতিয়ে দেখা দিয়ে। পত্নীৰ গা বেছি বেয়া লগাত তেওঁক চিকিৎসালয়ত চিকিৎসাধীন কৰাৰ বিপৰীতে লালবাবু সিঙক ঘৰতে ৰখাৰ ব্যৱস্থা কৰে৷

আৰু পঢ়িব পাৰিব :   শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ’ৰলেন নিৰ্মাণ কোম্পানীয়ে

নিশা প্ৰায় ১১ বজাত সিঙৰ গা বেয়া লগাত পুনৰ নগাঁও ‘ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়’লৈ অনা হয়৷ চিকিৎসালয়ত কিছুসময় থকাৰ পাছতেই সিঙৰ মৃত্যু হয়৷ উল্লেখ্য যে, তেওঁৰ পুত্ৰ আৰু পত্নীও ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে, ক’ভিডৰ দ্বিতীয় লহৰত আক্ৰান্ত হৈ নগাঁৱত এতিয়ালৈকে ৭জনৰ মৃত্যু হৈছে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular