Google search engine
25.6 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeব্ৰেকিং নিউজসাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক'ভিড-১৯ আক্ৰান্ত...

সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক’ভিড-১৯ আক্ৰান্ত…

নতুন দিল্লী : কৰ’না মহামাৰীৰ পুনৰ সংক্ৰমণে আতংকিত কৰিছে দেশবাসীক৷ বিগত তিনিমাহৰ ভিতৰত সোমবাৰৰ পুৱালৈকে সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৬,২৯১টা নতুন ঘটনা ধৰা পৰিছে দেশত৷

আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত

যোৱা ৮৫ দিনৰ ভিতৰত আক্ৰান্তৰ সংখ্যা এয়াই সৰ্বাধিক এটা দিনৰ ভিতৰত৷ আজি পুৱা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ১১৮জনৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে সৰ্বমুঠ ১,৫৮,৭২৫ জনৰ ক’ভিড-১৯ ৰোগত মৃত্যু হৈছে৷ চিকিৎসাধীন হৈ আছে ২,১৯,২৬২ জন৷

আৰু পঢ়িব পাৰিব : লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ

ইপিনে কেইবাখনো চহৰত ক’ভিডৰ পুনঃসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাপ্তাহিক আৰু সপ্তহান্তিক লকডাউন ঘোষণা কৰিছে৷ ক’ভিডৰ টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে যদিও এই ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে জনসাধাৰণ৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular