ক’ভিড প্ৰতিষেধকলৈ কিমান দূৰ! ‘হু’ৰ বিশেষজ্ঞই দিছে উদ্বেগজনক বাৰ্তা

জেনেভা : বিভিন্ন দেশৰ বিজ্ঞানীসকলে ক’ভিড-১৯ৰ প্ৰতিষেধক উদ্ভাৱনৰ কামত অহৰহ ব্ৰতী হৈ আছে। বিভিন্ন দেশে প্ৰতিষেধক নিৰ্মাণৰ কামত ভালেখিনি আগবঢ়া বুলি দাবী কৰিলেও প্ৰতিষেধক কেতিয়ালৈ কাৰ্যকৰী তথা সহজলভ্য হ’ব সেয়া নিশ্চিত নহয়। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এই সম্পৰ্কীয় উদ্বেগ অধিক বৃদ্ধি কৰিছে।

আৰু পঢ়িব পাৰিব: মণিপুৰত মোদীৰ ভাষণ, স্থানীয় উদ্যোগীক বিশেষ সাহায্যৰ ঘোষণা

সংস্থাৰ এগাৰকী বিশেষজ্ঞই বুধবাৰে কয় যে, বিশ্বৰ গৱেষকসকলে ক’ভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ দিশত উল্লেখযোগ্য সাফল্য তথা অগ্ৰগতি লাভ কৰিছে যদিও অহা বছৰৰ প্ৰথম ভাগতহে ক’ভিডৰ প্ৰথমটো প্ৰতিষেধক ব্যৱহাৰযোগ্য হৈ উঠাৰ সম্ভাৱনা আছে। ‘হু’ৰ জৰুৰীকালীন কাৰ্যসূচীৰ মুৰব্বী মাইক ৰিয়ানে কয়, আমি প্ৰতিষেধকৰ সমবিতৰণ নিশ্চিত কৰাৰ বাবে কাম কৰি আছোঁ যদিও একে সময়তে সংক্ৰমণ ৰোধ কৰাও অতি জৰুৰী এক বিষয় হিচাপে বিবেচিত হৈছে।

আৰু পঢ়িব পাৰিব: পঞ্জাব-হাৰিয়ানাৰ দখললৈ গাহৰি মাংসৰ বজাৰ: থলুৱা ব্যৱসায়ীৰ কঁকালত কোব কেন্দ্ৰৰ

তেওঁ কয় যে, ভালেমান প্ৰতিষেধকে ইয়াৰ পৰীক্ষাৰ তিনিটা পৰ্যায় অতিক্ৰম কৰিছে আৰু ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি তথা সুৰক্ষাৰ দিশত এইবোৰ এবাৰো ব্যৰ্থ হোৱা নাই। কিন্তু বাস্তৱিকতে অহা বছৰৰ প্ৰথম ভাগতহে আমি মানুহে প্ৰতিষেধক লোৱা দেখিবলৈ পাম। প্ৰতিষেধকক বিশ্বজনীন এক বস্তু বুলি আখ্যা দি এয়া কোনো ধনী বা দুখীয়াৰ বাবে নহয় বৰং সকলোৰে বাবে বুলি তেওঁ মন্তব্য কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES