spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকসাৱধান ! ৰাজ্যত ক'ভিড সংক্ৰমণ অব্যাহত

সাৱধান ! ৰাজ্যত ক’ভিড সংক্ৰমণ অব্যাহত

গুৱাহাটী : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোতকৈ এই ৰোগীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে যদিও বুধবাৰে ৰাজ্যত ৪০৭জনৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ’নাৰ সংক্ৰমণ ৷

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে ৬০৪জন সুস্থ হৈছে যদিও ৪জন লোকৰ মৃত্যু হয়৷ বৰ্তমান ৩,৫৩৩জনৰ দেহত হৈ আছে এই ভাইৰাছ৷ ৰাজ্যত পজিটিভিটী ০. ৬৭%৷ কালিৰ দিনটোত কামৰূপত মেট্ৰ’ সৰ্বাধিক ৯৩ জন, গোলাঘাটত ৩৯, দৰং ৩৪, যোৰহাটত ৩৪জন আক্ৰান্ত চিনাক্ত হয়৷

ইপিনে, কামৰূপ মেট্ৰ’, লখিমপুৰ, নগাঁও আৰু শোণিতপুৰত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular