spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeৰাষ্ট্ৰীয়আৰএছএছ-বিজেপিক কিয় 'মিছা হিন্দু' বুলিলে ৰাহুল গান্ধীয়ে?

আৰএছএছ-বিজেপিক কিয় ‘মিছা হিন্দু’ বুলিলে ৰাহুল গান্ধীয়ে?

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনাৰে থকাসৰকা কৰে। আৰএছএছ-বিজেপিক ‘মিছা হিন্দু’ বুলি অভিহিত কৰি আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ যুৱৰাজ।

বুধবাৰে সদৌ ভাৰত মহিলা কংগ্ৰেছৰ প্ৰতিস্থা দিৱসত ভাষণ সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছৰ আদৰ্শ আৰএছএছ-বিজেপিতকৈ সম্পূৰ্ণ বিপৰীত আৰু দুইটাৰ ভিতৰত এটা আদৰ্শইহে দেশ শাসন কৰিব পাৰে। লক্ষ্মীদেৱীয়ে জীৱনৰ লক্ষ্যবোৰ প্ৰাপ্তি কৰাত আৰু দুৰ্গাদেৱীয়ে সুৰক্ষা কৰাৰ শক্তিৰ প্ৰতীক বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে তেওঁৰ দলে শাসনৰ গাদীত থাকোতে এই শক্তিবোৰ সুদৃঢ় কৰি ৰাখিছিল যিটোত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে।

বিজেপি আৰু আৰএছএছক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, ‘এওঁলোক কেনে ধৰণৰ হিন্দু? এওঁলোক মিছা হিন্দু হয়। এওঁলোকে হিন্দু ধৰ্মৰ প্ৰয়োগ কৰে, ধৰ্মৰ দালালি কৰে, কিন্তু এওঁলোক হিন্দু নহয়।’ গান্ধীয়ে লগতে আৰএছএছ-এ নাৰীশক্তিক অৱহেলা কৰা বুলিও অভিযোগ কৰে। আৰএছএছত মহিলাৰ কোনো স্থান নাই য’ত নেকি কংগ্ৰেছে মহিলা প্ৰধান মন্ত্ৰী দিয়া বুলিও তেওঁ ক্ষোভ উজাৰে। কংগ্ৰেছৰ এক সুকীয়া আদৰ্শ আছে আৰু কংগ্ৰেছ কৰ্মী হিচাপে বেলেগ আদৰ্শৰ লগত বুজাবুজি কৰিলেও বিজেপি আৰু আৰএছএছৰ আদৰ্শৰ লগত কোনোপধ্যে নোৱাৰে বুলি কংগ্ৰেছ নেতাজনে কয়। পৰৱৰ্তী সময়ত গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি কয় যে মোদীয়ে চীনক মাটি এৰি দিছে আৰু হাজাৰ হাজাৰ কিলোমিটাৰ ভুমি এতিয়া চীনৰ দখলত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
25 °
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular