spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeক্ৰীড়াক্ৰিষ্টিয়ানো ৰ’নাল্ডোক তাচ্ছিল্য, কি ক’লে প্ৰশিক্ষকে?

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক তাচ্ছিল্য, কি ক’লে প্ৰশিক্ষকে?

নতুন দিল্লীঃ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই জুভেণ্টাছ এৰি ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে দুবছৰীয়া চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছে। ৰ’নাল্ডৰ প্ৰত্যাৱৰ্তনত স্বাভাৱিকতে সুখী মানচেষ্টাৰ ইউনাইটেড। অৱশ্যে, ৩৬ বছৰীয়া ৰ’নাল্ডই মানেচেষ্টাৰৰ যুৱ ফুটবলাৰ সকলৰ সৈতে খাপ খাব পাৰিবনে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হোৱা দেখা গৈছে। একাংশই তাৰকা ফুটবলাৰ গৰাকীক ‘বৃদ্ধ’- বুলি তাচ্ছিল্য কৰিছে। বৰ্ষীয়ান তাৰকাগৰাকীক একাংশই টুইটাৰত তাচ্ছিল্য কৰিছে এনেদৰে, ‘বৃদ্ধ’ ৰ’নাল্ডক এতিয়া দলত লৈ কি লাভ? বৃদ্ধ বুলি কোৱাই বেয়া লাগিছে নেকি?’


অৱশ্যে, ৰ’নাল্ডো প্ৰসংগৰ আঁত ধৰি মানচেষ্টাৰ ইউনাইটেডৰ প্ৰশিক্ষক উলে গুণাৰ ছালছেৰে এই প্ৰশ্নটোৰ উত্তৰ দিছিল। প্ৰিমিয়াৰ লীগত দেওবাৰে উলভাৰহেম্পটনৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰাৰ পাছত স্কাই স্পৰ্টছত দিয়া এক সাক্ষাৎকাৰত ছালছেৰে কয়, ‘আশা কৰোঁ ক্ৰিষ্টিয়ানোই দললৈ উভতি অহাৰ পাছত তেওঁ সমগ্ৰ কেৰিয়াৰত যিখিনি সাফল্য অৰ্জন কৰিছে সেয়া এতিয়াও কৰিব পাৰিব। পূৰ্বৰ ৰ’নাল্ড এতিয়া যথেষ্ট অভিজ্ঞ। খেলুৱৈ জীৱনত তেওঁ বহুখিনি পাইছে, বুজিবলৈ শিকিছে। তেওঁৰ এটা অবিশ্বাস্য কেৰিয়াৰ আছে। মই নিশ্চিত যে তেওঁ তেওঁৰ বৃদ্ধ বয়সৰ বিষয়ে কথাপাতি অধিক আনন্দিতহে হৈছে। ক্ৰিষ্টিয়ানো এজন উৎকৃষ্ট খেলুৱৈ, এজন প্ৰতিভাৱান ব্যক্তি।’
উল্লেখ্য যে, অনুৰাগীমহলত ৰ’নাল্ডক লৈ তীব্ৰ উত্কন্ঠাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সকলোৱে প্ৰিয় তাৰকাগৰাকীক ওচৰত পাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular