spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়া‘আৱেগিক পৃষ্ঠাৰ পৰা, অনুপ্ৰেৰণাৰ দেৱাল’লৈ...উচ্ছসিত ভাৰতীয় শিবিৰ, কি কয় দ্ৰাবিড়ে?

‘আৱেগিক পৃষ্ঠাৰ পৰা, অনুপ্ৰেৰণাৰ দেৱাল’লৈ…উচ্ছসিত ভাৰতীয় শিবিৰ, কি কয় দ্ৰাবিড়ে?

নতুন দিল্লীঃ দ্ৰাবিড়ৰ আঙুলিত ধৰি নতুন যুগৰ সূচনা কৰিবলৈ আগবাঢি়ছে ভাৰতীয় দল। শাস্ত্ৰীৰ গমন,দ্ৰাবিড়ৰ আগমনে ভাৰতীয় দলক নতুন মাত্ৰা দিব বুলি মতপোষণ কৰিছে দেশৰ ক্ৰীড়া বিশেষজ্ঞই। ভাৰতীয় ক্ৰিকেটৰ ‘দ্য ৱাল’ খ্যাত ৰাহুলৰ হাততেই ভাৰতীয় দলৰ বাঘজৰী। ২২গজৰ ক্ৰীজত উইকেটৰ সন্মুখত দেৱালৰ দৰে থিয় হৈ বিশ্বৰ আগশাৰীৰ বহু বেগী বলাৰক প্ৰত্যাহ্বান জনোৱা ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলৰ অভিভাৱক। ইয়াকে লৈ উত্‍ফুল্লিত ভাৰতীয় শিবিৰ। বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকী এইবাৰ বিৰাট কোহলী, ৰোহিত শৰ্মাৰ প্ৰশিক্ষক। দ্ৰাবিড়ে এইবাৰ ভাৰতীয় দলক বেটিঙৰ পাঠ দিব। টি-২০ বিশ্বকাপৰ সামৰণি পৰাৰ লগে লগে ৰবি শাস্ত্ৰীৰ প্ৰস্থান নিশ্চিত। বিপৰীতে অনুপ্ৰেৰণাৰ দেৱাল হৈ অভিষেক ঘটিব ৰাহুল দ্ৰাবিড়ৰ।

শেহতীয়াকৈ, আইপিএলৰ অন্যতম শ্ৰেষ্ঠ ফ্ৰেনচাইজি ধোনীৰ চেন্নাই চুপাৰ কিংছেও ‘দ্য ৱাল’ক জনালে সন্মান। দ্ৰাবিড়ৰ এটা ভিডিঅ’ চেন্নাই ছুপাৰ কিংছে টুইটাৰত পোষ্ট কৰিছিল। ভিডিঅ’টোৰ শিৰোনামত তেওঁলোকে লিখিছে, ‘নতুন প্ৰশিক্ষকৰ আৱেগিক পৃষ্ঠাৰ পৰা। অনুপ্ৰেৰণাৰ দেৱাল।’ দ্ৰাবিড়ক সেই ভিডিঅ’টোত ক্ৰিকেটাৰ এজনৰ চাপ লোৱাৰ সামৰ্থৰ বিষয়ে কোৱাও শুনিবলৈ পোৱা যায়। দ্ৰাবিড়ে কয়, ‘সফলতাৰ একমাত্ৰ মন্ত্ৰ হৈছে অনুশীলন।’ ক্ৰিকেটৰ বিভিন্ন স্তৰত সফলতাৰ বাবে কিহৰ প্ৰয়োজন তাকো সদৰী কৰে নতুন প্ৰশিক্ষক দৰাকীয়ে। উল্লেখ্য যে, ১৯-অনুৰ্ধ দলৰ প্ৰশিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে দ্ৰাবিড়ৰ। দলৰ সদস্যসকলেও তেওঁক ভালদৰে জানে। আন্তৰ্জাতিক ক্ৰিকেটৰ অভিজ্ঞতাক এতিয়া কোহলী,ৰোহিতৰ সৈতে ভাগ বতৰা কৰিব পাৰে দ্ৰাবিড়ে। চেন্নাইয়ে ৰাহুল পুঞ্জীভূত সেই অভিজ্ঞতাৰ প্ৰতিও জনাইছে সন্মান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular