spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াচেন্নাই ছাইন ইন ডুবাই,পৰাভূত নাইট ব্ৰিগেড...

চেন্নাই ছাইন ইন ডুবাই,পৰাভূত নাইট ব্ৰিগেড…

ডিজিটেল ডেস্কঃ উৎকন্ঠা আৰু উদ্বিগ্নতাৰ মাজেৰে সামৰণি পৰিল আইপিএল। আনন্দ-অশ্ৰুৰ ৰঙ্গমঞ্চত বন্দী হ’ল ইয়ল্ল-পাৰপল ফ্ৰেঞ্চাইজীৰ স্মৰণীয় মুহূৰ্ত। শুকুৰবাৰে ইউএইত অনুষ্ঠিত আইপিএলৰ ফাইনেল খেলখনত চেন্নাইৰে মুখামুখী হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ। টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় মৰ্গান বাহিনীয়ে। প্ৰথমে বেট কৰি নিৰ্ধাৰিত অ’ভাৰত চেন্নাইয়ে ৩ উইকেট হেৰুৱাই ১৯২ৰান কৰে। ডুবাইত জিলিকিল চেন্নাইৰ অপেনাৰদ্বয়। হাইভল্টেজ খেলখনত অৰ্ধশতক অৰ্জন কৰে ফাফ ডু প্লেছিছে। চেন্নাইৰ মিডিল অৰ্ডাৰ বেটছমেন ৰবীন উথাপ্পা,মইন আলীয়ে উপহাৰ দিয়ে বহুমূল্য ইনিংছ। উথাপ্পাই ১৫বলত ৩১ আৰু মইন আলীয়ে ২০বলত ৩৭ ৰানেৰে অগ্ৰগতি দিয়ে দলটোক।


বিপৰীতে নিৰ্ধাৰিত লক্ষ্যৰ চোঁচা লোৱা কলকাতাই খেলৰ প্ৰথমাৰ্দ্ধত আক্ৰমণাত্মক খেল খেলে। শুভমন গীল-ভেঙ্কটেশ আয়াৰৰ অপেনিং ইনিংছে এক প্ৰকাৰ জয়ৰ পথ প্ৰশস্ত কৰি দিছিল কলকাতাৰ। কিন্তু খেলৰ মধ্যান্তৰত জাদেজা,দীপক আৰু ছাৰ্ডুল ঠাকুৰৰ ৰচনাত্মক বলিঙত পট পৰিৱৰ্তন হয়। ৰোমাঞ্চকৰ হৈ পৰে খেল। অপেনাৰৰ ভৰসাত আশা পালি থকা কলকাতাৰ মিডিল অৰ্ডাৰ বেটছমেনসকলো উৎকৃষ্ট প্ৰদৰ্শনত ব্যৰ্থ হয়। নিৰ্ণায়ক খেলখনত পুনৰ এবাৰ বিফলতাৰ ইতিহাস ৰচিলে কেপ্টেইন মৰ্গানে। কলকাতাই ৯ উইকেট হেৰুৱাই ১৬৫ৰানহে সংগ্ৰহ কৰে। ফলস্বৰূপ, চেন্নাইয়ে ২৭ৰানৰ ব্যৱধানত জয় লাভ কৰে।


উল্লেখ্য যে, ক্ৰিকেটজগতৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি টি-২০ টুৰ্ণামেণ্টত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাইয়ে মুঠ ৪বাৰ আইপিএলৰ খিতাপ জয় কৰিছে। আনহাতে, গৌতম গম্ভীৰৰ নেতৃত্বত ২বাৰ আইপিএল খিতাপ বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ খিতাপ জয়ৰ স্বপ্ন ধূসৰ হৈ ৰয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular