--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড কিং শ্বাহৰুখ খানৰ সন্তানো কম বিখ্যাত নহয়। তেওঁৰ দুয়োজন সন্তান সুহানা খান আৰু আৰিয়ান খান প্ৰায়ে লাইমলাইটত থাকে। যদি আমি শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানৰ কথা কওঁ তেন্তে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ খুব কমেইহে দেখা দিয়ে, কিন্তু যেতিয়াই হাজিৰ হয় তেতিয়াই তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এই গুণ ৰজাৰ সন্তানতহে পোৱা যায় বুলি অনুৰাগীসকলে ক’ব খুজে।

শেহতীয়াকৈ শ্বাহৰুখ খানক হলিউডৰ আয়োজক ডেভিদ লেটাৰমেনৰ শ্ব’ মাই নেক্সট গেষ্ট নিডছ ন’ ইনট্ৰ’ডাকচনত দেখা গৈছিল। য'ত তেওঁ বহু বিষয়ত কথা পাতিছিল আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আৰিয়ান খানৰ লগত জড়িত কিছুমান কথাও তাত কোৱা হৈছিল। শ্বাহৰুখে শ্ব’টোত নিজৰ পুত্ৰ আৰিয়ান খানৰ কথা কৈছিল। য'ত তেওঁ আৰিয়ানৰ কেৰিয়াৰৰ বিষয়ে প্ৰকাশ কৰে। শ্বাহৰুখ খানে কয় যে অভিনেতা হ’বলৈ আৰিয়ানৰ কোনো গুণ নাই। অভিনেতা বুলি ক’লে যি কথা কোৱা হয় সেয়া আৰিয়ানৰ মাজত নাই। নহয়।

শ্বাহৰুখে লগতে কয় যে আৰিয়ানে নিজেও অভিনেতা হ’ব নিবিচাৰে। তেওঁ এজন ভাল লেখক। বৰ্তমান আৰিয়ানে আমেৰিকাত চলচ্চিত্ৰ নিৰ্মাণ শিকি আছে। এই কথা শুনি শ্বাহৰুখ খানৰ অনুৰাগীসকল হতাশ হৈ পৰিছে কাৰণ সকলোৱে বাদশ্বাহৰ ৰাজকুমাৰক ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী আছিল। কিন্তু শ্বাহৰুখৰ কথা শুনি মানুহৰ হৃদয় ভাঙি গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement