spot_img
24.9 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিককাট অফ্ ৯০ প্লাছ: নামভৰ্তিৰ বাবে আসন বিচাৰি এতিয়া ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ

কাট অফ্ ৯০ প্লাছ: নামভৰ্তিৰ বাবে আসন বিচাৰি এতিয়া ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ

ডিজিটেল ডেস্কঃ এক অতি বিসংগতিপূৰ্ণ প্ৰক্ৰিয়াৰে অসমৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকণ পদ্ধতি সম্পূৰ্ণ কৰা হ’ল।পৰীক্ষা অবিহনে মূল্যাংকণ কৰাৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই লাভ কৰিলে অতি উচ্চ হাৰৰ নম্বৰ।আনহাতে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ হাৰো বৃদ্ধি পাইছে অভাৱনীয় হাৰত।উল্লেখ্য যে বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ পৰিক্ষাৰ্থী আছিল ৬৫ শতাংশতকৈও কম। কিন্তু এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছেগৈ ৯৩.১০ শতাংশ।উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৯১৮৫৫ গৰাকী পৰিক্ষাৰ্থীৰ ১৮৯৭৯৩ গৰাকীয়েই উত্তীৰ্ণ হৈছে।
এতিয়া প্ৰশ্ন হৈছে এই অতিৰিক্তসংখ্যক ছাত্ৰ-ছাত্ৰীক নিজৰ শিক্ষা জীৱনটো আগুৱাই নিয়াৰ সুযোগ দিয়াৰ বাবে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত আসনৰ ব্যৱস্থা আছেনে?শিক্ষানুষ্ঠানসমূহে আসনৰ সংখ্যা বৃদ্ধি কৰিব নেকি? যদি কৰে কিদৰে কৰিব? ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দিব পৰাকৈ অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত পৰ্যাপ্ত আন্ত:গাঁথনি আছেনে? আকৌ নতুন এছ অ’ পি অনুসৰি এটি শ্ৰেণীত মাত্ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে বহি পাঠ গ্ৰহণ কৰিব পাৰিব। তেন্তে বৰ্ধিত ছাত্ৰ-ছাত্ৰীৰ সমস্যাটো কিভাৱে সমাধান কৰিব পৰা যব?
এই মূল প্ৰশ্নবোৰেই এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত। আনহাতে অসমৰ দৰে একেই পৰিৱেশ সমগ্ৰ দেশতে। ফলত ৰাজ্যৰ বাহিৰৰ শিক্ষানুষ্ঠানত পঢ়াৰ সুযোগ পোৱা অসমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও এইবাৰ হ্ৰাস পোৱাৰ আশংকা প্ৰবল। এনে প্ৰেক্ষাপটতে অসমৰ বহু মহাবিদ্যালয়ত এইবাৰ কাট অফ মাৰ্ক ৯০ শতাংশতকৈ অধিক। এনে সময়তে অসম চৰকাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰৰ বাবে মহাবিদ্যালয়সমূহক ২০ শতাংশ আসন বৃদ্ধিৰ লগতে দুটা ‘ছিফট’ত পাঠদান কৰাৰ বাবে নিৰ্দেশ দিছে। তথাপিও কিন্তু আসনৰ অভাৱৰ সমস্যা সমাধান হোৱাৰ কোনো সম্ভাৱনা পৰিলক্ষিত হোৱা নাই। অনুমান কৰা হৈছে যে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ ক্ষেত্ৰত প্ৰায় ৮০০০০ আসনৰ অভাৱ হ’ব।আকৌ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে আসনৰ অভাৱ হ’ব প্ৰায় ৪০০০০ খন।
অসমত কেৱল যে শিক্ষানুষ্ঠানৰেই অভাৱ তেনেকুৱা নহয়। অভাৱ আছে শিক্ষকৰো। তথ্য অনুসৰি মহাবিদ্যালয়সমূহত প্ৰায় ৫০০ শিক্ষকৰ পদ খালী আছে।আকৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ খালী পদৰ সংখ্যা ১২০০ । আন্ত:গাঁথনিৰ এনে দুখলগা অভাৱৰ মাজত ছাত্ৰ-ছাত্ৰীৰ বৰ্ধিত সংখ্যাৰ মোকাবিলা কৰাটো যে শিক্ষা বিভাগৰ বাবে সহজসাধ্য কথা নহ’ব সেয়া স্পষ্ট। এনে প্ৰেক্ষাপটত প্ৰশ্ন হৈছে, পৰীক্ষা অনুষ্ঠিত নকৰাকৈ এটা অতি বিতৰ্কিত পদ্ধতিৰে পৰিক্ষাৰ্থীৰ মূল্যায়ণ কৰটো উচিত কাৰ্য হ’লনে? এনে কামেৰে ছোন দেখদেখকৈয়ে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হ’ল!কেৱল নিৰ্বাচন এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ বাবে মূল্যবান দুটি পৰীক্ষাৰ সময়সূচী পিছুৱাই দি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ এইদৰে অমানিশা নমাই অনাৰ নৈতিক দায়িত্ব চৰকাৰে গ্ৰহণ কৰিবনে?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.9 ° C
24.9 °
24.9 °
92 %
1.7kmh
1 %
Mon
25 °
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular