spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকধিক্কাৰ! নিজ পিতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যা সন্তানক

ধিক্কাৰ! নিজ পিতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যা সন্তানক

ডিজিটেল ডেস্ক: দেশত নাৰীজনিত অপৰাধসমূহ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বাঢ়িবলৈ ধৰিছে কন্যা শিশুক হত্যা কৰা দৰে অপৰাধ। য’ত নিজৰ ঘৰখন আৰু পিতৃ-মাতৃক শিশুৱে অধিক নিৰাপদৰ আশ্ৰয়স্থল বুলি ভাবি আহিছে। সেই ঘৰখনতে আজি যেন বৃদ্ধি পাই আহিছে শিশু অপৰাধজনিত ঘটনাবোৰ। তেনে এক ঘটনাই পোহৰলৈ আহিছে মৰিগাঁৱৰ ভূৰবন্ধাত।

উল্লেখ্য যে, মৰিগাঁও ভুৰবন্ধাত ৮ বছৰীয়া কন্যা সন্তানক ডিঙিচেপি হত্যা কৰিছিল নিজ পিতৃয়ে। আৰক্ষীয়ে কৰা জেৰাত পিতৃৰ এই জঘন্য স্বীকাৰোক্তি। বৃহস্পতিবাৰে ভূৰবন্ধা কটহগুৰি কোঁৱৰ গাঁৱত সঞ্জীৱ পাতৰৰ ঘৰত মৃত অৱস্হাত উদ্ধাৰ হৈছিল সঞ্জীৱৰ ৮ বছৰীয়া কন্যা সন্তান।

এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে পিতৃ সঞ্জীৱক মৰিগাঁও আৰক্ষীয়ে আটক কৰিছিল বৃহস্পতিবাৰে। সঞ্জীৱ পাতৰৰ একমাত্ৰ ৮ বছৰীয়া কন্যা সন্তানৰ মৃতদেহ নিজগৃহত শুই থকা অৱস্থাতে উদ্ধাৰ হৈছিল। শিশুটিৰ মুখমণ্ডলৰ লগতে কাণ আৰু নাকত তেজৰ চেকুৰা লাগি আছিল।

অৱশেষত সঞ্জীৱ পাতৰে নিজ হাতেৰে ডিঙি চেপি নিজৰ কন্যা সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ কৰাত সমগ্ৰ মৰিগাঁৱতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৰণোত্তৰ পৰীক্ষাত ওলাই পৰিব পাৰে পিতৃ সঞ্জীৱৰ অন্য এক কলংকিত অধ্যায়ো।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular