দৰঙৰ জলজলীত স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণ গোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

মঙলদৈঃ দৰং জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘উত্তৰণ গোষ্ঠী’ৰ উদ্যোগত জলজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত জলজলী অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।

আৰু পঢ়িব পাৰিব: দক্ষিণ কামৰূপৰ সাতখন গাঁও শীঘ্ৰে সন্নিবিষ্ট হ’ব মেঘালয়ত

উক্ত অনুষ্ঠানত উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যোৱাত সহায় হ’ব তাৰ ওপৰত বক্তব্য আগবঢ়ায় সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, উপ-সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া।

আৰু পঢ়িব পাৰিব: মৰিগাঁৱত টকাসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

স্বেচ্ছাসেৱী অনুষ্ঠান ‘উত্তৰণ গোষ্ঠী’ৰ সভাপতি প্ৰমোদ ডেকা, সম্পাদক ৰুবুল ডেকা, জলজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলহাজ আব্দুল কৰিম, সহকাৰী শিক্ষক খগেন ডেকা , সহকাৰী শিক্ষক ৰজনীকান্ত বৰুৱা, সহকাৰী শিক্ষক ইউচুফ আলী, হিন্দু ঘোপা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন বৰুৱা,সমাজসেৱক হৃদয় ডেকাও অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁত ধৰে স্বেচ্ছাসেৱী অনুষ্ঠান ‘উত্তৰণ গোষ্ঠী’ৰ উপ-সভাপতি ইজাজুল হকে। অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ ৩০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES