spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককি কৰি আছিল ? গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ তিনি যুৱতী, দুই যুৱকৰ কাণ্ড

কি কৰি আছিল ? গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ তিনি যুৱতী, দুই যুৱকৰ কাণ্ড

দৰং : দৰং আৰক্ষীৰ বৃহৎ সাফল্য৷ নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা তিনি যুৱতী আৰু দুজন অসমৰ যুৱকক জালনোট সৰবৰাহৰ অপৰাধত আটক কৰিবলৈ সক্ষম হয় ধূলা আৰক্ষীয়ে। খাৰুপেটীয়াৰ চক্ৰ আৰক্ষী বিষয়া অচ্যুৎ দত্তৰ সহযোগত ধূলা থানাৰ অন্তৰ্গত পানবাৰী আৰক্ষী চকীৰ ৰাজাহাউলি গাঁৱৰ পৰা জাল নোট ছপা কৰা যন্ত্ৰসহ বহু জাল নোট উদ্ধাৰ কৰে।

আটকাধীন যুৱতী তিনিগৰাকী নাগালেণ্ডৰ জোনহেবাটো জিলাৰ ক্ৰমে হুকচেলি চেমি, জুৰি মাহাঘাতো, আনিতুলি য়েমী বুলি জানিব পৰা গৈছে। আনহাতে যুৱক দুজন ক্ৰমে অসমৰ লখিমপুৰ জিলা বিহুপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নজৰুল হুছেইন আৰু হাবিজুৰ ইছলাম ।

ধৃত লোক কেইজনক আটক কৰাৰ লগতে নগদ ১,৪৭,৯০০ টকাসহ পঞ্চাশখন ৫০০টকীয়া জালনোট ,জালনোট চপোৱা এটা মেচিন , ২ টা মোবাইল ফোন, আৰু চাৰিচকীয়া এখন বাহন জব্দ কৰে আৰক্ষীয়ে । ধৃত লোককেইজনৰ বিৰুদ্ধে 304/21গোচৰ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 489(c)/ 489(D). ধাৰা এক গোচৰ ৰুজু কৰি মঙলদৈ কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular