spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়াআইপিএলৰ মেগা কোৱালিফায়াৰঃ চেন্নাইৰে যুঁজ দিল্লীৰ

আইপিএলৰ মেগা কোৱালিফায়াৰঃ চেন্নাইৰে যুঁজ দিল্লীৰ

নতুন দিল্লীঃ চলিত বৰ্ষৰ আইপিএলৰ প্ৰথমখন কোৱালিফায়াৰ আজি ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাৰ পৰা দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব। খেলখনৰ বিজয়ী দলটোৱে ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিব। পৰাজিত দলটোৱে এলিমিনেটৰৰ ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব।

১১ অক্টোবৰত শাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব মেগা এলিমিনেটৰ মেচখন। উল্লেখ্য যে, দিল্লী আৰু চেন্নাই দুয়োটা দলে ৰাউণ্ড-ৰবিন পৰ্যায়ৰ অন্তিম খেলত পৰাজিত হৈছিল। বিজয়ী হোৱাৰ লক্ষ্যৰে আজি দুয়োটা দলে প্ৰথম কোৱালিফায়াৰত অৱতীৰ্ণ হ’ব। চেন্নাইয়ে এতিয়ালৈকে ৮বাৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩বাৰ আইপিএলৰ চেম্পিয়ন খিতাপ বিজয়ী চেন্নাইয়ে এইবাৰো খিতাপ দখলৰ বাবে দৃঢ় সংকল্পৰে যুঁজ দিয়াতো একপ্ৰকাৰ নিশ্চিত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular