spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeৰাষ্ট্ৰীয়খোৱা বস্তু আনিবলৈ গৈ দুদিন পাছত মৃতদেহ হৈ ঘৰলৈ উভতিল কিশোৰী! ক'ত?

খোৱা বস্তু আনিবলৈ গৈ দুদিন পাছত মৃতদেহ হৈ ঘৰলৈ উভতিল কিশোৰী! ক’ত?

ডিজিটেল ডেস্কঃ দোকানৰ পৰা খোৱা বস্তু আনিবলৈ গৈ দুদিন পাছত মৃতদেহ হৈ ঘৰলৈ উভতিল এগৰাকী কিশোৰী। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ এটাৱা জিলাত। পৰিয়ালৰ মানুহে বহু বিচাৰ খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।থানাতো দিছিল এজাহাৰ। দুদিন পাছত কিশোৰীগৰাকীৰ মৃতদেহ এটা নলাত উদ্ধাৰ হৈছিল। সেই সময়ত তেওঁৰ ডিঙি নাইলনৰ ৰচীৰে বন্ধা আছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘৰলৈ প্ৰেৰণ কৰে। পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিতেই আৰক্ষীয়ে আগবঢ়াই নিব তদন্ত। মৃত্যুৰ তদন্ত চলাই আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে সময়মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে তেওঁ জীয়াই থাকিলেহেঁতেন।

পৰিয়ালৰ মতে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত থানাত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু কোনোৱে এই ঘটনাক গুৰুত্বসহকাৰে নল’লে। কেৱল এয়াই নহয় তেওঁ নিৰুদ্দেশ হোৱাৰ পাছত কোনো অজ্ঞাতলোকে ঘৰলৈ ফোন কৰিছিল আৰু সেই নম্বৰ তেওঁলোকে আৰক্ষীক দিছিল কিন্তু আৰক্ষীয়ে তাৰপাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই।

আৰু পঢ়কঃ GMCৰ কঠোৰ নিৰ্দেশনা; বিউটি চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ

আৰক্ষীয়ে কিশোৰীগৰাকীৰ নিৰুদ্দেশক লৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি আৰক্ষীৰ ওপৰত গুৰুতৰ অভিযোগ আনিছে ভূক্তভোগী পৰিয়ালটোৱে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। মৃত কিশোৰীগৰাকীৰ বয়স আছিল ১৫ বছৰ। তেওঁ নৱম শ্ৰেণীত পঢ়ি আছিল। কিশোৰীগৰাকীৰ অকাল মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল তথা তেওঁৰ বন্ধুবৰ্গ। এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে পেলাইছে গভীৰ শোকৰ ছাঁ।
 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular