spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকমহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড;ঘৰৰ ভিতৰত হানি-খুচি হত্যা এজন লোকক

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড;ঘৰৰ ভিতৰত হানি-খুচি হত্যা এজন লোকক

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। ঘৰৰ ভিতৰতে হানি-খুচি হত্যা এজন লোকক।এইবাৰ ঘটনাৰ স্থান হাতীগাঁও লখিমী নগৰ। হত্যাৰ বলি হোৱা লোকজনৰ নাম মিলন ছেত্ৰী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ১৮ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল লোকজন। মিলন ছেত্ৰীয়ে ৰঙৰ মিস্ত্ৰী কাম কৰিছিল আৰু বহুবছৰ ধৰি মহম্মদ আতাউৰ ৰহমানৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল।ঘৰটোৰ মালিক আটাউৰ ৰহমানৰ ঘৰ যোৰহাটত।

ওচৰ-চুবুৰীয়াই ঘৰটোৰ পৰা ওলোৱা দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ভেন্টিলেটৰেৰে চাই ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰে৷দুৰ্বৃত্তই মিলনক হত্যা কৰি ঘৰটোৰ বাহিৰৰ পৰা তলা লগাই থৈ যায়৷

মিলন ছেত্ৰীক ৫ দিন পূৰ্বে হানি-খুচি হত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন ডেগাৰ। অতি নৃশংসভাৱে হত্যা কৰা হৈছে মিলনক। মৃতদেহৰ পেটত আঘাতৰ চিন স্পষ্টৰূপত দেখা পোৱা গৈছে। কোঠাৰ ভিতৰত পোৱা গৈছে তেজৰ চেকুৰা। তেওঁৰ বয়স প্ৰায় ৫৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে।প্ৰায়েই পাৰিবাৰিক সংঘাতত লিপ্ত হয় মিলন।

পৰিয়ালত ল’ৰা দুটা, ছোৱালী এজনী আৰু শাহুয়েক লগত থাকে। পূৰ্বতে মিলনৰ পত্নী আৰু জীয়ৰী লগত আছিল কিন্তু বিবাহ বিচ্ছেদ হোৱাৰ পাছত মিলন অকলে থাকিব লয় ঘৰটোত।দ্বিতীয় পত্নীৰ পুত্ৰ আৰু কন্যা মিলনৰ লগত আছিল কিন্তু ২০ দিন মানৰ পৰা স্থানীয় ৰাইজে দেখা নাছিল পুত্ৰ-কন্যাক।প্ৰায়ে পুত্ৰ-কন্যাৰ লগত সংঘাত হৈছিল বুলি মন্তব্য স্থানীয় লোকৰ। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular