spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককলিয়াবৰৰ নলতলীত ভয়ংকৰ পথদুর্ঘটনা, থিতাতে নিহত ১

কলিয়াবৰৰ নলতলীত ভয়ংকৰ পথদুর্ঘটনা, থিতাতে নিহত ১

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি অব্যাহত আছে ৰাসৰ উছাহ। তাৰ মাজতে ভিন্নস্থানত সংঘটিত হৈছে পথদুৰ্ঘটনা। নিশা কলিয়াবৰৰ নলতলীত সংঘটিত হয় শোকাৱহ পথদুর্ঘটনা। নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ এখন নৱনির্মিত দলঙত সংঘটিত হয় দুর্ঘটনাটো।

থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী। বাইক আৰোহীগৰাকী কলিয়াবৰ তিনিআলিৰ মৃগাংক বৰদলৈ বুলি জানিব পৰা গৈছে। ঘটনাৰ বিবৰণী অনুসৰি, AS 02 AD 2406 নম্বৰৰ হোণ্ডা বাইকখনৰে তেজপুৰৰ পৰা স্ব-গৃহ অভিমুখে আহি আছিল মৃগাংক বৰদলৈ নামৰ লোকজন। চাৰিলেনযুক্ত পথৰ নলতলীত নৱনির্মিত দলংখনত নিয়ন্ত্ৰণ হেৰুৱাই দুর্ঘটনাত পতিত হৈ কৰুণভাৱে মৃত্যুক সাৱটিব লগা হয় লোকজনে। উল্লেখযোগ্য যে, নিৰ্মাণ সম্পূৰ্ণ হ’লেও যাতায়াতৰ বাবে উপযোগী হৈ উঠা নাছিল দলংখন। নিৰ্মাণকাৰী সন্থাটোৱে কোনোধৰণৰ বেৰীকেতো লগোৱা নাছিল দলঙৰ সন্মুখত। ফলত সেই পথৰে আহি ওখ হৈ থকা স্থানত খুন্দা খাই দুর্ঘটনাত পতিত হ’বলগা হয় বাইক আৰোহীগৰাকী। দুর্ঘটনাটোৰ বাবে স্থানীয় ৰাইজে নিৰ্মাণকাৰী সন্থাটোক জগৰীয়া কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular