spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeব্ৰেকিং নিউজভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, শ্বহীদ পাঁচ সেনা জোৱান, এতিয়া চলি আছে সংঘৰ্ষ

ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, শ্বহীদ পাঁচ সেনা জোৱান, এতিয়া চলি আছে সংঘৰ্ষ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। শ্বহীদ হ’ল পাঁচজনকৈ সৈনিক। এগৰাকী সেনা বিষয়া তথা আন চাৰিজন জোৱান নিহত হৈছে এই আক্ৰমণত। জম্মু-কাশ্মীৰ পুচ্চ জিলাত আজি এই ঘটনা সংঘটিত হয়। সুৰানকোটৰ ডেৰা কী গলি নামৰ অঞ্চলটোত আজি পুৱাই সন্ত্ৰাসবাদবিৰোধী অভিযান চলাইছিল নিৰাপত্তাবাহিনীয়ে।

ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ তাত সন্ত্ৰাসবাদীৰ দলে বাহৰ পাতি থকাৰ খবৰ লাভ কৰাৰ পাছতে চলোৱা হৈছিল অভিযান। কিন্তু অভিযানকাৰী দললৈ অতৰ্কিতে ধাৰাসাৰে গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। ফলত পাঁচজনলৈ সেনা জোৱান শ্বহীদ হয়। এতিয়াও তাত গুলীয়াগুলী অব্যাহত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।


উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে। পাকিস্তান সমৰ্থিত আৰু লস্কৰ ঈ তৈবাৰ দৰে সন্ত্ৰাসবাদীৰ সহযোগ লাভ কৰা সন্ত্ৰাসবাদীৰ দলে সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু কেইবাজনৰো প্ৰাণহানি ঘটাইছে। শেহতীয়াকৈ কেন্দ্ৰৰ বিশেষবাহিনী তাত সন্ত্ৰাসবাদ দমনত নিয়োজিত হৈছে যদিও সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ উত্থান উদ্বেগৰ কাৰণ হৈ পৰিছে। এই ঘটনাৰ পাছতে সেনাৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular