হত্যা নে স্বাভাৱিক মৃত্যু! শোৱাপাটীতে মৃত্যু হোৱা লোকক লৈ চাঞ্চল্য

নলবাৰী : নলবাৰীত শনিবাৰে নিশা সংঘটিত হৈছে এক সন্দেহজনক হত্যাকাণ্ড। নলবাৰীৰ বৰসৰকুছিত সংঘটিত হয় এই ঘটনা। শোৱাপাটিতে ৰহস্যজনকভাৱে মৃত্যু হয় এজন লোকৰ। প্ৰতাপ হালৈ (৭৫) নামৰ লোকজনক পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালে ।

আৰু পঢ়িব পাৰিব:২০২১ৰ শেষভাগতহে আঁতৰিব কৰ’নাসৃষ্ট বিশ্বজোৰা সংকট!

উল্লেখযোগ্য যে, আজি পৰিয়ালৰ মাজত ভূমিবিবাদ মীমাংসা কৰি মাটি ভাগ কৰাৰ কথা আছিল প্ৰতাপ হালৈয়ে। কিছুদিনৰ পৰা পৰিয়ালৰ লোকসকলৰ মাজত ভূমিকেন্দ্ৰীক বিবাদৰ সৃষ্টি হৈ আছিল । আৰু এনে এক অৱস্থাত নিশা ৰহস্যজনকভাৱে মৃত্যু হয় প্ৰতাপ হালৈৰ।

আৰু পঢ়িব পাৰিব:অসাধ্য সাধন! ৩০ বছৰত অকলে খান্দিলে ৩ কিঃমিঃৰ কেনেল

ইয়াকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। মৃতদেহত কিছু আঘাতৰ চিন থকা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালে।

Show More

Related Articles

Back to top button