spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়াবিৰাট বাহিনীৰ পৰাজয়, আশা সজীৱ কলকাতাৰ...

বিৰাট বাহিনীৰ পৰাজয়, আশা সজীৱ কলকাতাৰ…

নতুন দিল্লী: অন্তিম পৰ্যায়ত উপনীত হৈছে আইপিএল ২০২১| সময়ৰ লগে লগে ৰোমাঞ্চকৰ হৈ পৰিছে খেলৰ প্ৰতিটো মুহূৰ্ত| আইপিএলৰ চতুৰ্দশ ছিজনৰ দ্বিতীয় কোৱালিফায়াৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপুল জয়|

প্ৰথমে বেট কৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে নিৰ্ধাৰিত অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৩৮ৰান সংগ্ৰহ কৰে| ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে ৪টা বল বাকী থাকোতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়| ৭টা উইকেট হেৰুৱাই সহজ লক্ষ্য অতিক্ৰম কলকাতাৰ| উল্লেখ্য যে, চলিত ছিজনতো মোলান পৰি ৰ’ল বিৰাট বাহিনীৰ স্বপ্ন| ইফালে কলকাতাই মুখামুখি হ’ব দিল্লীৰে| ফাইনেলত প্ৰৱেশৰ বাবে প্লে’ অফত দিল্লী কেপিটেলছৰে মুখামুখি হ’ব কলকাতা| বিজয়ী দলে ফাইনেলত চেন্নাইৰে প্ৰতিদ্বন্দ্বিতা কৰিব| আইপিএলৰ চলিত ছিজনত কোনে মাৰিব শেষ হাঁহি ক্ৰিকেট এৰিনাত সম্প্ৰতি এয়াই হৈ পৰিছে চৰ্চিত বিষয়| অৱশ্যে, ফলাফলৰ বাবে ক্ৰীড়ানুৰাগীয়ে অপেক্ষা কৰিব লাগিব কেইটামান মুহূৰ্ত|

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular