spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeৰাষ্ট্ৰীয়ধোঁৱা ধোঁৱা চহৰ…দিল্লীৰ উশাহত কোনে মিলালে জহৰ?

ধোঁৱা ধোঁৱা চহৰ…দিল্লীৰ উশাহত কোনে মিলালে জহৰ?

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বৰ্তমান জনসাধাৰণে তীব্ৰ সমস্যাৰ সৈতে বসবাস কৰি আছে। দিল্লীৰ বায়ু এতিয়া ভয়ানক ৰূপত প্ৰদূষিত হৈ পৰিছে। দিল্লীবাসীয়ে উশাহ ল’বলৈকো কষ্ট পোৱা হৈছে। যমুনা নদীৰ পানী বৰফৰ দৰে বগা কিন্তু বিষাক্ত ফেনেৰে ভৰি আছে। ক’ৰণা ভাইৰাছৰ আশংকাত দিল্লীৰ মানুহে ক্ষন্তেকৰ কাৰণেও মাস্কখন খুলিবলৈ পাহৰা হ’ল। কেৱল এয়াই নহয় ভূতৰ ওপৰত দানহ পৰাদি মেলেৰিয়া, ডেংগু, চিকণগুনিয়া, ছোৱাইন ফ্লুৰ দৰে ৰোগেও দিল্লীত চলাইছে উপদ্ৰৱ। দিল্লীবাসীয়ে উশাহ লোৱাৰ ক্ষেত্ৰত বহু কষ্ট পাইছে। এয়া দিল্লীৰ লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে।

ৰাজধানী দিল্লীৰ চিকিৎসালয়সমূহত শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা, ছাল সম্পৰ্কীয় ৰোগ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লীত বৰ্তমান শ্বাসৰুদ্ধকৰ অৱস্থাৰ সৃষ্টি হৈছে। এইবাৰ দেৱালীৰ ওপৰত নিষেধাজ্ঞা থকা স্বত্বেও আতচবাজীবোৰ তীব্ৰভাৱে বিস্ফোৰিত হৈছিল। গাড়ীয়েও বৃদ্ধি কৰিছে প্ৰদূষণৰ মাত্ৰা। নৱেম্বৰৰ আৰম্ভণিৰ লগে লগে দিল্লীৰ বায়ুত প্ৰদূষিত হোৱাৰ পৰিমাণ তীব্ৰ গতিত বৃদ্ধি পাইছে। পৰিৱেশ নিৰীক্ষণ কাৰী আইকিউ এয়াৰৰ এক প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত এক নম্বৰ স্থানত আছে।

আৰু পঢ়কঃ দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল

দেশৰ ৰাজধানীত বৰ্দ্ধিত প্ৰদূষণৰ বিষয়টো উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ পাইছে। য’ৰ পৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক লকডাউনৰ বিকল্প বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। দিল্লী চহৰত বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল। কাৰ্যালয়ৰ কামবোৰ ঘৰৰ পৰা কৰিবলৈ দিয়া হৈছিল। নিৰ্মাণ কাৰ্য বন্ধ কৰা হৈছিল। কিন্তু এতিয়া সকলোৱে জানিব বিচাৰে যে এইটো সমস্যাৰ বাবে এয়া স্থায়ী সমাধান নেকি। প্ৰতি বছৰে উদ্ভৱ হোৱা এই সংকটৰ মোকাবিলা কৰিবলৈ কোনো দৃঢ় ব্যৱস্থা কিয় লোৱা নহয়? এই সমস্যাত ৰাজধানী দিল্লীক সদায়েই কিয় শীৰ্ষ স্থানত দেখা যায়?

দিল্লীৰ প্ৰদূষণে সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। কেৱল দিল্লীতেই নহয় ইয়াৰ ওচৰৰ চহৰসমূহতো বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। গুৰগ্ৰাম,নয়ডা,গাজিয়াবাদ,হাপুৰে,মীৰাট, হাৰিয়ানা আদি চহৰো বায়ু প্ৰদূষণত পিছ পৰি থকা নাই। এইকেইখন চহৰত AQI(বায়ুৰ গুণমান সূচক)ৰ স্তৰ ৪৫০ৰ ওপৰত আছে। উল্লেখযোগ্য কথাটো হ’ল শ্বাস-প্ৰশ্বাস বা অন্যান্য ৰোগত আক্ৰান্ত লোকসকলৰ বাবে ১০০তকৈ অধিক AQI স্তৰ বিপদজনক বুলি গণ্য কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular