ফিজ বহুত বেছি! দন্ত চিকিৎসকক দিবলৈ টকা নাই; মহিলাই নিজে উভালিলে ১১টাকৈ দাঁত

0
1452

ডিজিটেল ডেস্কঃ আপুনি যেতিয়া দাঁতৰ বিষত ভুগে তেতিয়া নিশ্চয় ঘৰুৱা প্ৰতিকাৰ লয় আৰু দাঁতৰ বিষ সহ্য কৰিব নোৱাৰিলে কাষ চাপে দন্ত চিকিৎসকৰ৷ দাঁতৰ বিষত ৰ’ব নোৱাৰি এগৰাকী মহিলাই যি কাণ্ড কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব৷ লণ্ডনৰ ডেনিয়েল ৱাটছ নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাই দাঁতৰ সমস্যাত ভুগি নিজেই উভালি পেলালে ১১টাকৈ দাঁত৷ ডেনিয়েলে এনে কৰাৰ কাৰণ হ’ল দাঁতৰ চিকিৎসকৰ কাষ চাপিবলৈ তেওঁৰ টকা নাই৷

ডেনিয়েলে প্ৰথমে এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল। কিন্তু কোনো দন্ত চিকিৎসক নাছিল আৰু ব্যক্তিগত চিকিৎসকৰ ওচৰলৈ যাবলৈ টকা নাছিল৷ ব্যক্তিগত চিকিৎসালয়ৰ দন্ত চিকিৎসকে ফিজ বহুত বেছি লৈছিল। গতিকে তেওঁ নিজে এটা এটাকৈ ১১ টা দাঁত উভালি পেলাইছিল৷

ডেনিয়েলে এই সন্দৰ্ভত কয় যে, ‘‘বহুদিন ধৰি মই দাঁতৰ সমস্যাত ভুগি আছিলোঁ৷ কিছুমান দাঁত লৰি আছিল৷ বিষত ৰব নোৱাৰি মই প্ৰতিদিনে পেইন কিলাৰ খাব লাগে৷ মই হাঁহিবলৈকে পাহৰি গলোঁ…মোৰ আত্মবিশ্বাস হেৰাই গৈছে৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকক মই লগ নাপালো আৰু ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকক ফিজ দিবলৈ মোৰ হাতত টকা নাই, গতিকে মই নিজেই নিজৰ সমস্যাৰ সমাধান কৰিলোঁ৷’’