ছোদিত পথৰ ভিক্ষাৰী হ’ল শ শ ভাৰতীয়, এতিয়া বন্দী ডিটেনচন কেম্পত

হায়দৰাবাদ : ক’ভিড-১৯তে পথৰ ভিক্ষাৰীত পৰিণত কৰিলে বিদেশত কৰ্মৰত শ শ ভাৰতীয়ক। ছোদি আৰৱৰপৰা অহা শেহতীয়া এক বাৰ্তাই দেশখনত কৰ্মৰত ৪৫০জন লোকৰ কৰুণ কাহিনী পোহৰলৈ আনিছে। আৰৱ দেশখনত কৰ্মৰত এই লোকসকলে ক’ভিড পৰিস্থিতিৰ বাবে পথত ভিক্ষাবৃত্তিত নিয়োজিত হ’বলগীয়া হোৱাই নহয়, প্ৰশাসনৰ নজৰলৈ অহাৰ পাছতে তেওঁলোকক নিক্ষেপ কৰা হৈছে ডিটেনচন কেম্পলৈ।

আৰু পঢ়িব পাৰিব: অধিক বিলম্ব ঘটিব বিটিচি নিৰ্বাচনত! স্বাস্থ্য বিভাগে দিছে স্থগিত ৰখাৰ প্ৰস্তাৱ

কৰ’নাকালীন পৰিস্থিতিৰ মাজতে টেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, কাশ্মীৰ, বিহাৰ, দিল্লী, ৰাজস্থান, কৰ্ণাটক, হাৰিয়ানা, পঞ্জাব আৰু মহাৰাষ্ট্ৰৰ এইসকল ছৌডি আৰৱত কৰ্মৰত লোকৰ ৱৰ্ক পাৰ্মিটৰ ম্যাদ উকলি গৈছিল। এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন গৈ তেওঁলোকে পথত ভিক্ষা কৰিবলগীয়া হয়। কিন্তু এইকথা যেতিয়া দেশখনৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হয়, তেতিয়া তেওঁলোকক আটক কৰি জেডাহত থকা ছুমাইছী ডিটেনচন চেণ্টাৰলৈ নিক্ষেপ কৰে।

অতি অসহায় অৱস্থাৰ সন্মুখীন হোৱা এইসকল ভাৰতীয়ৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দুখ-দুৰ্দশাত ভাঙি পৰা এইসকল প্ৰবাসত কৰ্মৰত ভাৰতীয়ই প্ৰকাশ কৰে যে, ‘আমি একো অপৰাধ কৰা নাই। পৰিস্থিতিয়ে সৃষ্টি কৰা দুৰ্দশাৰ বাবেই আমি ভিক্ষা খুজিবলৈ বাধ্য হৈছিলোঁ। এতিয়া আমি ডিটেনচন চেণ্টাৰৰ অনিশ্চয়তাৰ মাজত তিলতিলকৈ সময় পাৰ কৰিবলগীয়া হৈছে।’ যোৱা চাৰিমাহে তেওঁলোক অবৰ্ণনীয় দুখ-দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও তেওঁ প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব: ‘সেৱা সপ্তাহ’ : জিএমচিএইচত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ডিটেনচন চেণ্টাৰৰ অনিশ্চয়তাৰ মাজত আবদ্ধ হৈ পৰা এইসকল লোকে প্ৰকাশ কৰে যে, তেওঁলোকৰ সৈতে একেলগে আবদ্ধ হৈ পৰা পাকিস্তান, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ লোকসকলক নিজ নিজ দেশলৈ ঘূৰাই অনাৰ বাবে সেইবোৰ দেশৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইসকল দুৰ্ভগীয়া ভাৰতীয় লোক গভীৰ অনিশ্চয়তাৰ মাজতে আবদ্ধ হৈ আছে ছৌডি আৰৱৰ ডিটেনচন কেম্পত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES