spot_img
24.9 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকমাতৃৰ বুকুৰপৰাই অন্তৰ্ধান দেৱশিশু, অনুসন্ধান অব্যাহত

মাতৃৰ বুকুৰপৰাই অন্তৰ্ধান দেৱশিশু, অনুসন্ধান অব্যাহত

বঙাইগাঁও: ৰাজ্যত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে হত্যা, ধৰ্ষণ, লুণ্ঠনৰ দৰে অপৰাধজনিত ঘটনা৷ এইবাৰ বঙাইগাঁৱত ঘটা চাঞ্চল্যকৰ এটা ঘটনাই সকলোৰে চকু কপালত তুলিছে৷ নিশা বিছনাৰ পৰাই এটি দেৱশিশু চুৰি কৰি নিয়ে কোনো দুৰ্বৃত্তই৷

ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত৷ নিশা মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হ’ল এটি পানী কেঁচুৱাটি৷ নানকাৰগাঁৱৰ বিনয় সূত্ৰধৰৰ ১৮দিনীয়া সন্তানক নিশা প্ৰায় ১২ বজাত কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় বিচনাৰ পৰা৷

উল্লেখ্য যে, ঘৰৰ দৰ্জা বন্ধ থকাৰ পাছতো কোনে কেনেকৈ ঘৰৰ ভিতৰত সোমাই ১৮ দিনীয়া সন্তানটিক চুৰি কৰি লৈ গ’ল, সেয়া এক গভীৰ সাঁথৰ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বিদ্যাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷ সম্প্ৰতি ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁৱত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular