spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকউন্নয়ন নে বিনাশ! অৰণ্য ধ্বংসকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে চৰকাৰ

উন্নয়ন নে বিনাশ! অৰণ্য ধ্বংসকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে চৰকাৰ

ডিজিটেল ডেস্ক : পুনৰ পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰ ৰ এটা সংস্থাৰ পৰিৱেশবিৰোধী নীতি। নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প ৰূপায়ণৰ জৰিয়তে এনএইচপিচিয়ে পৰিৱেশৰ ভাৰসাম্যত এক ব্যাপক প্ৰভাৱ পেলোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে পোহৰলৈ আহিছে এই প্ৰকল্পৰ সৈতে জড়িত আন এক পৰিৱেশবিৰোধী পদক্ষেপ। এইবাৰ এই প্ৰকল্পৰ পৰা বিদুৎ সৰবৰাহ কৰাৰ বাবে বন তথা পৰিৱেশৰ ওপৰত কৰা হ’ব মোক্ষম আঘাত।

বিদ্যুৎ সংবহনৰ বাবে এইবাৰ ধ্বংসৰ মুখলৈ থেলি দিব বিচৰা হৈছে দুখনকৈ বনাঞ্চলক। বিপদ মাতিব বিচৰা হৈছে বন্যপ্ৰাণীৰ জীৱনলৈ। সোৱণশিৰি আৰু দুলুং বনাঞ্চলৰ বৃহৎ বৃহৎ গছ কাটি, হাতীৰ আহ-যাহৰ পথ বন্ধ কৰি এইবাৰ পৰিকল্পনা কৰা হৈছে তথাকথিত উন্নয়নৰ। এই সংবহন লাইন স্থাপনৰ নামত ৬৭ হেক্টৰ বনভূমি ধ্বংস কৰা হ’ব বুলি জানিব পৰা হৈছে।

ইতিমধ্যে কেন্দ্ৰীয় বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ গুৱাহাটীৰ ক্ষমতাসম্পন্ন আঞ্চলিক কমিটীয়ে ২ নৱেম্বৰতে এই হাই ভল্টেজ তাঁৰ বহুওৱাৰ অনুমোদন দিছে। পৰিৱেশ ৰক্ষাৰ নামত নানা সন্মিলন, কৰ্যসূচী অনুষ্ঠিত কৰি অহা কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগৰ এনে দায়িত্বহীন আৰু অবিবেচক কাৰ্যই এতিয়া অসমৰ পৰিৱেশতন্ত্ৰলৈ অধিক বিপদ মতাৰ আশংকা বৃদ্ধি কৰিছে।

এই বিষয়টো পোহৰলৈ আনিছে, ধেমাজিৰ এগৰাকী প্ৰকৃতিপ্ৰেমী তথা অধিবক্তা তুলাৰাম গগৈয়ে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, বনাঞ্চল ধ্বংস কৰি এই প্ৰকল্প ৰূপায়ণ কৰিলে বন্যহস্তীৰ আহ-যাহ কিদৰে বাধাগ্ৰস্ত হ’ব তথা কিদৰে এই পৰিৱেশতন্ত্ৰত প্ৰভাৱ পেলাব তথা বন্যজন্তুৰে মানুহৰ সংঘাত কিদৰে বৃদ্ধি কৰাৰ আশংকা আছে সেই সকলো দিশ অৱগত কৰি সঠিকভাৱে পৰিস্থিতি অধ্যয়ন কৰা তথা স্থানীয় লোকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ পৰমৰ্শৰে স্মাৰকপত্ৰ প্ৰদান কৰিছিল। কিন্তু সেয়া কৰা নহ’ল বুলি তেওঁ আক্ষেপ কৰিছে।

পৰিৱেশ মন্ত্ৰণালয়ৰ সংহত আঞ্চলিক কমিটীখনে আঁচনি ৰূপায়নকাৰী অৰ্থাৎ পাৱাৰ গ্ৰীড কৰ্তৃপক্ষৰ পৰা ইনোভা গাড়ী প্ৰদানৰ উদ্ভট চৰ্ত আৰোপ কৰিয়েই এই কাৰ্য ৰূপায়নৰ অনুমতি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে আৰু এই দায়িত্বহীনতাক লৈ সমালোচনাৰ জোঁৱাৰ উঠিছে। মন কৰিবলগীয়া যে, পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ বাবেই প্ৰধান প্ৰত্যাহ্বানত পৰিণত হোৱাৰ সময়তে অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ওপৰত এনেদৰে বাৰে বাৰে আঘাত হানিব খোজা কাৰ্য চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্বহীনতা আৰু অবিবেচকতাৰ নিন্দনীয় নজিৰত পৰিণত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular