spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকধলপুৰ কাণ্ড : কিদৰে প্ৰাণ হেৰুৱাইছিল ১২ বছৰীয়া ফৰিদ শ্বেইখে? ৰাষ্ট্ৰীয় সংবাদ...

ধলপুৰ কাণ্ড : কিদৰে প্ৰাণ হেৰুৱাইছিল ১২ বছৰীয়া ফৰিদ শ্বেইখে? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলিছে চৰ্চা

ডিজিটেল ডেস্ক : ছিপাঝাৰৰ ধলপুৰ কাণ্ডৰ প্ৰতিক্ৰিয়া দেশজুৰি অব্যাহত আছে। চৰকাৰী উচ্ছেদ অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘাতে ৰক্তক্ষয়ী ৰূপ লোৱাৰ পাছতে ইয়াক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াও অধিক তীব্ৰ হোৱা দেখা গৈছে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ধলপুৰ কাণ্ডৰ প্ৰসংগই স্থান লাভ কৰিছে আৰু আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। আৰক্ষীৰ গুলীত ধলপুৰত নিহত তিনিজন লোকৰ ভিতৰত এটি ১২বছৰীয়া কিশোৰো আছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, এক আকস্মিক আৰু অবাঞ্চিত পৰিস্থিতিৰ মাজত দিশহাৰা হৈ ৰৈ থকা ১২বছৰীয়া কিশোৰ শ্বেইখ ফৰিদে প্ৰাণ হেৰুৱাবলগীয়া হয়। শ্বেইখ ফৰিদে উচ্ছেদবিৰোধী প্ৰতিবাদকাৰীৰ সৈতে চামিল হোৱা নাছিল।

বৰং তেওঁ পোষ্ট অফিচৰ পৰা তেওঁৰ আধাৰ কাৰ্ডখন সংগ্ৰহ কৰি উভতি আহিছিল। সেই সময়তে তেওঁ এই ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়। তেওঁৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি বিগত জুলাই মাহৰ পৰা ফৰিদক কেইবাৰো স্থানীয় পোষ্ট অফিচৰ শাখাৰ পৰা তেওঁৰ আধাৰ কাৰ্ডখন সংগ্ৰহ কৰিবলৈ মাতি থকা হৈছিল। এই ঘটনাৰ দিনটোতো তেওঁক মাতিছিল আধাৰ কাৰ্ড সংগ্ৰহ কৰিবলৈ। পোষ্ট অফিচৰ পৰা ঘূৰি অহাৰ বাটতে ফৰিদ এই পৰিস্থিতিৰ মুখামুখি হয় আৰু ঘটনাৰ আকস্মিকতাত কিংকৰ্তব্যবিমূঢ়় হৈ পৰে। তেওঁ বিমূঢ় পৰিস্থিতিত সন্মুখীন হৈ ৰৈ থকাৰ সময়তে গুলীয়ে তেওঁৰ বুকু বিদীৰ্ণ কৰে।

ফৰিদৰ পৰিয়ালৰ লোকে দাবী কৰা মতে তেওঁলোকে কোনো উচ্ছেদৰ জাননী পোৱা নাছিল। পৰিয়ালটোৰ আটাইতকৈ কনিষ্ঠ সদস্য ফৰিদৰ ঘৰ এই ঘটনা সংঘৰ্ষৰ সূত্ৰপাত হোৱা স্থানৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত। উচ্ছেদিত লোকসকলে সংগবদ্ধভাৱে আৰক্ষীৰ লোকক শিল-ইটা আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পাছত আৰক্ষীয়েও গুলীচালনা কৰিবলগীয়া হয়। আৰু নীৰৱ দৰ্শকৰ ৰূপত ৰৈ থকা কিশোৰ ফৰিদ গুলীবিদ্ধ হয়। ৰফিউল ইছলাম নামৰ ফৰিদৰ পৰিয়ালৰ সদস্য এগৰাকীয়ে প্ৰকাশ কৰিছে যে, ফৰিদক সন্মুখৰ ফালৰ পৰা গুলী কৰা হৈছিল। ফৰিদৰ বুকুত গুলীয়ে আঘাত কৰিছিল আৰু ঠাইতে তেওঁৰ মৃত্যু হয়। সংঘাত-উত্তেজনা, ৰাজনৈতিক বাক-বিতণ্ডা, অভিযোগ, প্ৰতি-অভিযোগৰ জলন্ত জুইৰ মাজত ফৰিদ শ্বেইখৰ দৰে কিশোৰৰ এনে কৰুণ পৰিণতিৰ কাহিনীয়ে মানৱীয়তাৰ দিশৰ পৰা এক কাৰুণ্যৰ সৃষ্টি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular