spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকঢলপুৰৰ উচ্ছেদ! ভাঙিলে ৮০০ঘৰ, ৪ধৰ্মীয় উপাসনাগৃহ; উচ্ছেদ হোৱাসকল ক’লৈ গ’ল?

ঢলপুৰৰ উচ্ছেদ! ভাঙিলে ৮০০ঘৰ, ৪ধৰ্মীয় উপাসনাগৃহ; উচ্ছেদ হোৱাসকল ক’লৈ গ’ল?

ডিজিটেল ডেস্কঃ সন্দেহজনক নাগৰিকক লৈ চলি থকা ব্যাপক চৰ্চাৰ অৱসান ঘটাই অৱশেষত মঙলবাৰে দৰং জিলাৰ ঢলপুৰত চলোৱা হয় উচ্ছেদ অভিযান৷ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ১নং ঢলপুৰ আৰু ৩নং ধলপুৰত দৰং জিলা প্ৰশাসনৰ দ্বাৰা এক বৃহৎ উচ্ছেদ অভিযান কাৰ্য চলোৱা হয়৷ অঞ্চলটোৰ পৰা ৮০০টা ঘৰৰ লগতে ৪টা ধৰ্মীয় উপাসনাগৃহও উচ্ছেদ কৰা হয়৷ উল্লিখিত অঞ্চল দুটাত একাংশ লোকে অবৈধভাৱে বেদখল কৰি অহা প্ৰায় চাৰি হাজাৰ পাঁচ বিঘা চৰকাৰী ভূমি আজি এই উচ্ছেদ অভিযানৰ দ্বাৰা বেদখলমুক্ত কৰা হয়‌। উল্লেখযোগ্য যে, ছিপাঝাৰৰ দক্ষিণ প্ৰান্তত থকা বৃহত্তৰ চৰ অঞ্চলসমূহত আছে প্ৰায় ৭৭হাজাৰ বিঘা চৰকাৰী ভূমি। কিন্তু অভিযোগ অনুসৰি, ইয়াৰ অধিকাংশ ভূমিয়েই একাংশ লোকে বছৰ বছৰ ধৰি অবৈধভাৱে বেদখল কৰি আহিছিল। ছিপাঝাৰৰ চৰ অঞ্চলত বেদখলকাৰীৰ কৱলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বহু বছৰ পূৰ্বৰে পৰা বিভিন্ন দল-সংগঠনে স্থানীয় প্ৰশাসন তথা চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি আহিছিল।

দল-সংগঠনৰ দাবীৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে একাধিকবাৰ ইয়াত জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও পুনৰ বেদখলকাৰীৰ কৱলত পৰিছিল উল্লিখিত অঞ্চলৰ চৰকাৰী ভূমিসমূহ৷ সেই মৰ্মে মঙলবাৰে প্ৰশাসনে চলায় উচ্ছেদ অভিযান৷ কিন্তু উচ্ছেদিত লোকসকল আচলতে ক’লৈ গ’ল? পুনৰবাৰ বেদল হ’ব নেকি আকৌ অঞ্চলটো৷ আমছুৱে জনোৱা দাবী অনুসৰি, উচ্ছেদিত লোকসকলক দিব লাগিব ভূমি সংস্থাপনকে ধৰি যোগান ধৰিব লাগিব খাদ্য আৰু পানী৷ লক্ষ্যণীয় যে, বিগত ৭ জুনত ঐতিহাসিক ধলপুৰ শিৱধামত আহি উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সেইদিনা মুখ্যমন্ত্ৰীগৰাকীয়ে ঢলপুৰ শিৱধামত সেৱা লোৱাৰ লগতে চৰ অঞ্চলসমূহৰ সামগ্ৰিক পৰিৱেশ সন্দৰ্ভতো বুজ লৈছিল। শৰ্মাই ধলপুৰ অঞ্চল পৰ্যবেক্ষণ কৰি যোৱাৰ পৰৱৰ্তী সময়ত ছিপাঝাৰৰ চৰ এলেকাৰ চৰকাৰী ভূমিক মুখ্যতঃ কৰি ‘গৰুখুটি কৃষি প্ৰকল্প’ নামৰ এটা কৃষি প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলি ৰাজ্য চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল।

সেই অনুসৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাবে লৈ গঠিত ইয়াৰ সমিতিখনে প্ৰায় দুমাহ আগতে আৰম্ভ কৰিছে উক্ত কৃষি প্ৰকল্পৰ কাম। উল্লেখ্য যে, ন কোটি ষাঠি লাখ টকা ব্যয় সাপেক্ষ উক্ত বহুমুখী কৃষি প্ৰকল্পটোৰ জৰিয়তে শ শ নিবনুৱা যুৱক-যুৱতী সংস্থাপিত হ’ব বুলি আশা কৰা হৈছে। শাক-পাচলিকে ধৰি মাছ, মাংস, গাখীৰ আদিৰ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা এই প্ৰকল্পটোত নিয়োজিত হৈ প্ৰায় পাচশ যুৱক-যুৱতীয়ে সম্প্ৰতি গ্ৰহণ কৰি আছে কৃষি প্ৰশিক্ষণ।

একেদৰে এই ‘গৰুখুটি কৃষি প্ৰকল্প’ত জড়িত হৈ মহাবিদ্যালয়ত অধ্যয়নত ছিপাঝাৰৰ বিভিন্ন ঠাইৰ পাঁচগৰাকী যুৱতী আৰু ওঠৰ গৰাকী যুৱকে বিশ্বনাথ চাৰিআলিত গৈ সমাপন কৰিছে ট্ৰেক্টৰৰ চালকৰ প্ৰশিক্ষণো। ছিপাঝাৰৰ চহৰৰ বেদখলকৃত চৰকাৰী ভূমি বেদখলমুক্ত কৰি এই বহুমুখী কৃষি প্ৰকল্পৰ সমগ্ৰ কাম ৰূপায়ণ কৰা হ’ব বুলি চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই ঘোষণা কৰা মতেই মঙলবাৰে উল্লিখিত ঠাইত জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কাৰ্য চলোৱা হয়। প্ৰায় আঠশটা পৰিয়ালক উক্ত চৰকাৰী ভূমিৰ পৰা আজি আঁতৰাই পঠোৱা হয়। ইপিনে এই কাৰ্যক তীব্ৰ সমালোচনা কৰে আমছু সংগঠনে৷ উচ্ছেদিত লোকসকলক ক’ত সংস্থাপন কৰা হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular