spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াগেলেৰীত নতুন আসন বুক কৰিব লাগিব ধোনীয়ে, কি কয় ৰাইনা পত্নীয়ে ...

গেলেৰীত নতুন আসন বুক কৰিব লাগিব ধোনীয়ে, কি কয় ৰাইনা পত্নীয়ে …

নতুন দিল্লীঃ দায়িত্ব বাঢ়িল কেপ্টেইন কুলৰ! ক্ৰিকেটৰ পথাৰত গিজগিজাই থকা ধোনী ৰ জীৱনলৈ নতুন সংগীৰ আগমন। শত-সহস্ৰ অনুৰাগীৰ মণিকূটত নিগাজী আসন দখল কৰা ধোনীক লৈ একপ্ৰকাৰ কৌতুহলে বিৰাজে কৰিছে ক্ৰিকেট এৰিণাত। উত্‍ফু‌ল্লিত,আহ্লাদিত,ৰোমাঞ্চিত ধোনী।

আইপিএল টুৰ্ণামেণ্টৰ ফাইনেলত আকৌ এবাৰ অনুৰাগীৰ হৃদয় জিনিলে মহেন্দ্ৰ সিং ধোনী ৰ চেন্নাই ছুপাৰ কিংছে। চেন্নাইৰ অনুৰাগীৰে ৰজনজনাই থকা ডুবাইৰ ষ্টেডিয়ামত পিতৃৰ খেল চাবলৈ মাতৃৰ সৈতে উপস্থিত আছিল জীয়ৰী জীভা। সামাজিক মাধ্যমত ধোনী পত্নী সাক্ষীয়ে ইতিমধ্যে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, ইউএইত অনুষ্ঠিত চেন্নাইৰ প্ৰতিখন খেল উপভোগ কৰিবলৈ ষ্টেডিউয়ামলৈ আহিছে সাক্ষী আৰু জীভা। সাক্ষী-জীভাৰ এই যুঁটিৰ সমান্তৰালকৈ চেন্নাইৰ অইন ক্ৰিকেটাৰ সকলৰ পৰিয়ালকো ষ্টেডিয়ামত দেখা যায়।

আইপিএল খিতাপ জয়ৰ পাছত ধোনীক প্ৰশংসাৰে উপচাই পেলাইছে অনুৰাগীয়ে। দীপক চাহাৰ,ছাৰ্ডুল ঠাকুৰ, জাদেজা,ডুৱাইন ব্ৰাভ’,প্লেছিছৰ মুখতো ধোনীৰ বন্দনা। খিতাপ জয়ৰ পাছত ট্ৰফীটো সতীৰ্থৰ মাজৰে কোনোবা এজনক প্ৰদান কৰাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছে ধোনীৰ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। শুকুৰবাৰে আইপিএলৰ ট্ৰফীটো ধোনীয়ে দীপক চাহাৰৰ হাতত দিয়ে।

ধোনীৰ পত্নী সাক্ষীয়েও তেওঁৰ স্বামীৰ সৈতে স্মৰণীয় মুহূৰ্তটি উদযাপনৰ বাবে আগবাঢ়ি আহে আৰু তেওঁক জোৰেৰে সাৱটি ধৰিছিল। ধোনী তনয়া জীভাও তেওঁলোকৰ সৈতে যোগ দিয়ে। ফটোখনত, সাক্ষীক ঢিলা হালধীয়া পোছাক পিন্ধা পৰিলক্ষিত হৈছিল। তেতিয়াই সাক্ষী দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হয় নে নহয় তাক লৈ বু বু বা বা চলিবলৈ লয়। অৱশেষত ভেদ ভাঙিলে সুৰেশ পত্নী প্ৰিয়ংকাই। সাক্ষী গৰ্ভৱতী বুলি ৰাইনা পত্নী প্ৰিয়ংকাই জানিবলৈ দিয়ে। জানিবলৈ পোৱা মতে, দম্পতীহালে ২০২২ চনত এটা সন্তানৰ আশা কৰিছে।

উল্লেখ্য যে, উৎকন্ঠা আৰু উদ্বিগ্নতাৰ মাজেৰে সামৰণি পৰিল আইপিএল। আনন্দ-অশ্ৰুৰ ৰঙ্গমঞ্চত বন্দী হ’ল ইয়ল্ল-পাৰপল ফ্ৰেঞ্চাইজীৰ স্মৰণীয় মুহূৰ্ত। শুকুৰবাৰে ইউএইত অনুষ্ঠিত আইপিএলৰ ফাইনেল খেলখনত চেন্নাইৰে মুখামুখী হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ। অপেনাৰৰ ভৰসাত আশা পালি থকা কলকাতাৰ মিডিল অৰ্ডাৰ বেটছমেনসকলো উৎকৃষ্ট প্ৰদৰ্শনত ব্যৰ্থ হয়। নিৰ্ণায়ক খেলখনত পুনৰ এবাৰ বিফলতাৰ ইতিহাস ৰচিলে কেপ্টেইন মৰ্গানে। ক্ৰিকেটজগতৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি টি-২০ টুৰ্ণামেণ্টত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাইয়ে মুঠ ৪বাৰ আইপিএলৰ খিতাপ জয় কৰিছে। আনহাতে, গৌতম গম্ভীৰৰ নেতৃত্বত ২বাৰ আইপিএল খিতাপ বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ খিতাপ জয়ৰ স্বপ্ন ধূসৰ হৈ ৰয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular