Google search engine
25.4 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা বন্ধ কৰিব পাৰিব...

ছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা বন্ধ কৰিব পাৰিব নে?

ধুবুৰী : ৰাজ্যত পুনৰ সক্ৰিয় গো- ছিণ্ডিকেট৷ শাসনৰ গাদীত থকা বিজেপি চৰকাৰে গৰুৰ ছিণ্ডিকেট বন্ধ কৰাৰ দাবী কৰিছিল যদিও কিদৰে বাংলাদেশলৈ সৰবৰাহ হৈ আছে অসমৰ গৰু৷ গৰুৰ চোৰাং বেহা নিঃশেষ কৰিবলৈ ধুবুৰী আৰক্ষীয়ে অনেক পন্থা হাতত লোৱাৰ পাছতো বাৰম্বাৰ বিফল হৈছে তেওঁলোক৷ যাৰ বাবে ধুবুৰীত পুনৰ সক্ৰিয় গৰু ছিণ্ডিকেট চক্ৰ। কুখ্যাত গো মাফিয়া আদম আলী জে’লৰ পৰা ওলোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে ছিণ্ডিকেট চক্ৰ।

আৰু পঢ়িব পাৰিব : ভোগালীৰ আনন্দৰ মাজতেই চোৰে লুটিলে এটা পৰিয়ালৰ সৰ্বস্ব

প্ৰতি নিশাই কোকৰাঝাৰৰ পৰা ধুবুৰীৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ হয় গোধন। আৰু ধুবৰীৰ মাজেৰে বাংলাদেশলৈ আৰম্ভ হৈছে গৰু সৰবৰাহ। বহিঃৰাজ্যৰ গৰু প্ৰথমে শ্ৰীৰামপুৰ হৈ প্ৰৱেশ কৰে কোকৰাঝাৰলৈ আৰু কোকৰাঝাৰৰ পৰা স্থলপথেৰে গৰুবোৰ সাপটগ্ৰাম, কাজীগাঁও, হৈ ধুবুৰীৰ আলমগঞ্জ হৈ প্ৰৱেশ কৰে চৰাঞ্চলত। তাৰ পৰাই নাৱত উঠাই প্ৰেৰণ কৰে বাংলাদেশলৈ। প্ৰতিদিনে এইদৰে গৰু সৰবৰাহৰ খবৰ লাভ কৰি গৌৰীপুৰ আৰক্ষীয়ে আমিনেৰ চৰত নিশা অভিযান চলাই বহিঃৰাজ্যৰ ১৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা

আৰক্ষীয়ে গৰু জব্দ কৰে যদিও গৰু সৰবৰাহকাৰী কেইজন আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। গো সৰবৰাহৰ ক্ষেত্ৰত ধুবুৰী আৰক্ষী কঠোৰ যদিও শ্ৰীৰামপুৰৰ পৰা বহিঃৰাজ্যৰ সৰবৰাহকাৰী গৰু কোকৰাঝাৰ হৈ কিদৰে ধুবুৰীত প্ৰৱেশ কৰে সেয়া কিন্তু সন্দেহৰ অৱৰ্তত। ইফালে ধুবুৰী আৰক্ষী হাতত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰা কুখ্যাত গো মাফিয়া আদম আলী পুনৰ এই ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। দিছপুৰৰ গাদী দখল কৰি ছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গো ছিণ্ডিকেট বন্ধ কৰিব পাৰিব নে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular