spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকএনকাউণ্টাৰৰ পূৰ্বে আৰক্ষীক চেলেঞ্জ ড্ৰাগছ ব্যৱসায়ীৰ

এনকাউণ্টাৰৰ পূৰ্বে আৰক্ষীক চেলেঞ্জ ড্ৰাগছ ব্যৱসায়ীৰ

ধুবুৰী : ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত এজন৷ এইবাৰ ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি ধুবুৰী আৰক্ষীয়ে চলোৱা গুলীত গুৰুতৰভাবে আহত হয় ৰাহুল প্ৰসাদ। শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট, ড্ৰাগছসহ তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হৈছিল ৰাহুল প্ৰসাদ, ৰাকেশ দাস আৰু আবু তালেব মোল্লাহ নামৰ তিনিটা ড্ৰাগছ ব্যৱসায়ী৷ আৰক্ষীৰ গ্ৰেপ্তাৰ পাছত ধুবুৰী থানাৰ ভিতৰতে আৰক্ষীক চেলেঞ্জ কৰিছিল ৰাহুল প্ৰসাদে। ধুবুৰী সদৰ আৰক্ষীৰ থানাৰ ভিতৰতেই ধৃত ব্যৱসায়জনে প্ৰত্যাহ্বান জনাই কয় যে “এতিয়া খেল হব। মই ব্যৱসায় কৰিম।”

নিশা আৰক্ষীয়ে ৰাহুলক লৈ বিভিন্ন স্থানত অভিযান চলাবলৈ লৈ যায় যদিও আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰে ৰাহুল প্ৰসাদে। উপায়ন্তৰ হৈ আৰক্ষীয়ে ৰাহুলৰ ভৰিত গুলিয়াবলৈ বাধ্য হয়। পূৰ্বেও কেইবাবাৰো ড্ৰাগছ ব্যৱসায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল ৰাহুল৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular