Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকগৰুচোৰ টিকলু খানলৈ গুলী চালনা ডিব্ৰুগড় আৰক্ষীৰ

গৰুচোৰ টিকলু খানলৈ গুলী চালনা ডিব্ৰুগড় আৰক্ষীৰ

ডিব্ৰুগড়: অপৰাধীৰ ক্ষেত্ৰত আপোচ নকৰিবলৈ অসম আৰক্ষীলৈ চোকা নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে বা পলাবলৈ চেষ্টা কৰিলে প্ৰয়োজনত অপৰাধীক ভৰিত গুলী কৰিবলৈও নিৰ্দেশৰ পাছতেই ডিব্ৰুগড় আৰক্ষীৰ গৰুৰ চোৰাং সৰবৰাহৰ কুখ্যাত অভিযুক্ত আখটাৰ ৰাজা খান ওৰফে টিকলু খানলৈ গুলী চালনা কৰে৷

বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা গৰুসহ গ্ৰেপ্তাৰ কৰিছিল ‘টিকলু খান’ৰূপে খ্যাত গৰু সৰবৰাহকাৰীসহ আন দুজনক। আজি আৰক্ষীয়ে পুৱাৰ ভাগত অধিক তদন্তৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ লৈ যোৱা মুহূৰ্তত ডিব্ৰুগড় আৰক্ষী কবলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰি ব্ৰহ্মপুত্ৰত জাপ দিবলৈ চেষ্টা চলোৱাৰ সময়তে টিকলুৰ সোঁ-ভৰিত গুলী কৰে আৰক্ষীয়ে।

এই ঘটনাত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পুৱা চাপৰিত আৰু অধিক গৰু মজুত কৰি ৰখাৰ তথ্যৰ সন্ধানত টিকলু খানক লৈ ডিব্ৰুগড় আৰক্ষীৰ এটা দলে চাপৰিলৈ লৈ যাওঁতেই নদীত জাপ দি পলাবলৈ চেষ্টা চলাইছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে টিকলুৰ ভাতৃ মেৰাজ খানৰ গৃহৰ পৰা আৰক্ষীয়ে গঁড়ৰ খৰ্গ, হাতীৰ দাঁত আৰু ড্ৰাগছ উদ্ধাৰৰ লগতে মেৰাজক গ্ৰেপ্তাৰ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular