“আমাৰ মৃত ছোৱালীক বদনাম কৰি নিজ স্বাৰ্থ পূৰণ নকৰিব” – মাতৃৰ আহ্বান

মুম্বাই : মৃত্যুৰ পাছতো চৰ্চালৈ অহা অভিনেতা সুশান্ত সিঙৰ প্ৰাক্তন মেনেজাৰ দিশা চালিয়ানাৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে চালিয়ানাৰ অভিভাৱকে৷ সুশান্তৰ মৃত্যুৰ তদন্ত বিচাৰি চি বি আইৰ হাতলৈ যোৱাৰ পাছতে পুনৰ এই সংক্ৰান্তীয় বিভিন্ন বিষয় চৰ্চালৈ আহিছে। 

আৰু পঢ়িব পাৰিব: চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ

উল্লেখ্য যে সুশান্তৰ আত্মহত্যাৰ মাত্ৰ এসপ্তাহ আগত আত্মহত্যা কৰা মেনেজাৰ দিশা চালিয়ানাক মুম্বাই আৰক্ষীয়ে ক্লীনছীট দিয়াৰ পাছত এই তদন্তৰ দায়িত্ব চি বি আইলৈ যোৱাত চৰ্চালৈ আহে দিশাৰ অহাক ক্ষোভ প্ৰকাশ কৰিছে দিশা চালিয়ানাৰ অভিভাৱকে।

চালিয়ানৰ মৃত্যুৰে সুশান্তৰ মৃত্যুৰ কাৰণ জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰি বহুতে বিভিন্ন ধৰণে মন্তব্য প্ৰদান কৰি আহিছে৷ এই সন্দৰ্ভত তেওঁলোকে কয়– “আমাৰ মৃত ছোৱালীক বদনাম কৰি নিজ স্বাৰ্থ পূৰণ নকৰিব। তাইৰ মৰণোত্তৰ জীৱনক লৈ খেলা নেখেলিব। দিশা আছিল আমাৰ একমাত্ৰ জীয়ৰী, তাইৰ মৃত্যুৰ পিছত এতিয়া তাইৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা চলোৱা দেখা গৈছে, এনে কাৰ্যৰে তেওঁলোকে আমাক শেষ কৰি দিব বিচাৰেছে।”

আৰু পঢ়িব পাৰিব: দেশৰ ব্যাঘ্ৰ পিয়লৰ প্ৰতিবেদনত অসন্তুষ্টি প্ৰকাশ আৰ টি আইকৰ্মীৰ

দিশাৰ মাক বাসন্তী চালিয়ানে কয় মই ছ’চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া, টুইটাৰ তথা সকলো নাগৰিককে দিশাক লৈ যি কথাৰ চৰ্চা চলিছে সেয়া সকলো ভুল বুলি মন্তব্য প্ৰদান কৰে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES