spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকমাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট! পুনৰ আইনী সুৰুঙাৰে সাৰি যাব নেকি ৰাজকন্যা, কোনে...

মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট! পুনৰ আইনী সুৰুঙাৰে সাৰি যাব নেকি ৰাজকন্যা, কোনে দিছে সুৰক্ষা?

ডিজিটেল ডেস্ক : এতিয়াও কোনো অদৃশ্য শক্তিয়ে পহৰা দি আছে নেকি বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক? এতিয়াও আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত লেকাম লগাই ৰাখিছে নেকি কোনো প্ৰভাৱশালী চক্ৰই? ১ অক্টোবৰৰ নিশা ৰাজপথত বিভীষিকা সৃষ্টি কৰা ৰাজকন্যা বৰুৱা নামৰ মডেলগৰাকীক লৈ বিগত সময়ছোৱাত প্ৰৱল বিতৰ্কৰ সূত্ৰপাত ঘটিছে। আৰক্ষী বিষয়াৰ পৰা জ্যেষ্ঠ চিকিৎসকলৈ নাম সাঙোৰ খাইছিল এই কাণ্ডৰ সৈতে। সুৰামত্ত হৈ গাড়ী চলাই মাজনিশা ৯জনকৈ লোকক মহতীয়াই নিয়া ৰাজকন্যাই এনিশাৰ ভিতৰতে থানাৰ পৰা মুকলি হোৱাক লৈ সৃষ্টি হৈছিল তুমুল বিতৰ্ক আৰু চাঞ্চল্যৰ। পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আইনী আওতালৈ আহে ৰাজকন্যা। ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। এতিয়া আদালতৰ ৰায় অনুসৰি তেওঁ আছে কাৰাগাৰত। পিছে আৰক্ষীয়ে ৰাজকন্যা বৰুৱা কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে উত্থাপন হৈছে আন ভালেমান প্ৰশ্নৰ।


ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত মাথোঁ ২১টা শাৰীহে আছে। ডেৰপৃষ্ঠাৰো কম আকাৰৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ৩৬৫৭/২০২১ নম্বৰৰ গোচৰটোৰ বিপৰীতে মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিছে। আতিকুৰ ৰহমান নামৰ শ্ৰমিকজনৰ এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰক্ষীৰ চাৰ্জশ্বীটত ভিভাণ্টাত সান্ধ্য আইন ভংগ কৰি পাৰ্টী কৰা তথা সান্ধ্য আইন উলংঘা কৰি সুৰামত্ত অৱস্থাত গাড়ী চলোৱাৰ দৰে অপৰাধৰ কোনো উল্লেখ নাই। মডেল ৰাজকন্যাৰ বিৰুদ্ধে ৩৬১৬/২০২১নম্বৰত আন এটা গোচৰো দিছপুৰ থানাতে ৰুজু হৈছিল যদিও এই গোচৰৰ চাৰ্জশ্বীট আৰক্ষীয়ে এতিয়ালৈ দাখিল কৰা নাই। এই গোচৰটো উদণ্ড আৰু দায়িত্বহীনভাৱে গাড়ী চলোৱাৰ অভিযোগত ৰুজু হৈছিল। এই গোচৰটোৰ চাৰ্জশ্বীট কিমান শক্তিশালীভাৱে আৰক্ষীয়ে দাখিল কৰে সেয়া লক্ষ্যণীয় হ’ব। কিয়নো চাৰ্জশ্বীটৰ আধাৰতে গোচৰ এটা সন্দৰ্ভত আদালতে ব্যৱস্থা গ্ৰহণ কৰে। দুৰ্বল চাৰ্জশ্বীট দাখিল কৰাৰ জৰিয়তে বিতৰ্কিত মডেল ৰাজকন্যাক বচোৱাৰ আন এটা চেষ্টা তলে তলে চলিছে নেকি বুলিও এতিয়া প্ৰশ্ন উঠিছে। মন কৰিবলগীয়া যে, সান্ধ্য আইন উলংঘা কৰি মাজ নিশালৈ পাৰ্টী আয়োজন কৰা ঠিকাদাৰ পংকজ সাধনীদাৰ আৰু তাজ ভিভাণ্টাৰ বিৰুদ্ধে এতিয়ালৈ কোনো ব্যৱস্থা আৰক্ষী, প্ৰশাসনে গ্ৰহণ কৰা নাই। এনে পৰিপ্ৰেক্ষিতত ৰাজকন্যা বৰুৱাকো কৌশলেৰে কাৰাগাৰৰ পৰা উলিয়াই পঠিওৱাৰ চেষ্টা চলাৰ সন্দেহৰ উকমুকনি উঠা দেখা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular