spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিকৰাজ্যত ভয়ংকৰ ৰূপ: কৰ’না হটস্পট ডিব্ৰুগড় বিশ্ববিদ্যালয়, এছপি বৈঠক

ৰাজ্যত ভয়ংকৰ ৰূপ: কৰ’না হটস্পট ডিব্ৰুগড় বিশ্ববিদ্যালয়, এছপি বৈঠক

ডিজিটেল ডেস্ক: ৰাজ্যত ক’ভিডৰ ভয়ংকৰ ৰূপ৷ বিশেষকৈ উজনিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ পৰিছে কৰ’না হটস্পট৷ বিশ্ববিদ্যালয়খনৰ কেইবাটাও ছাত্ৰ-ছাত্ৰী নিৱাস কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ লগতে ডিব্ৰুগড় ভিক্টৰীয়া গাৰ্লছ এইচএছ স্কুলতো কৰ’নাতংক৷ ৩ দিনত কৰ’নাত আক্ৰান্ত হৈছে ৯গৰাকী ছাত্ৰ-ছাত্ৰী৷ বৰ্তমান প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে বিদ্যালয়খন৷ ডিব্ৰুগড়ত সোমবাৰে ১৪২জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰও কৰ’নাত আক্ৰান্ত বুলি জানিব পৰা গৈছে৷

কাছাৰৰ কালাইনত কৰ’নাৰ দ্ৰুতসংক্ৰমণ অব্যাহত আছে৷ কালাইন হাস্পতালৰ চিকিৎসক আক্ৰান্ত হৈছে কৰ’নাত৷ ডাঃ ৰাজদীপ দাসসহ ৪ জন লোক আক্ৰান্ত হোৱাৰ লগতে কাছাৰত মৃত্যু ঘটিছে এজন কৰ’না ৰোগীৰ৷ বিগত ২৪ঘণ্টাত কাছাৰত ১৩৯জনৰ দেহত ধৰা পৰিছে এই ৰোগ৷

ইপিনে অসমত পুনৰ ৫গৰাকী এছপি ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে৷ দুলিয়াজানত অনুষ্ঠিত হৈ যোৱা এছপি বৈঠকৰ পাছতে ইজনৰ পাছত সিজনকৈ এছপিৰ দেহত ধৰা পৰিছে ক’ভিড৷ কৰিমগঞ্জৰ এছপি পদ্মনাভ বৰুৱা, হোজাইৰ এছপি বৰুণ পুৰকায়স্থ, ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰ, লখিমপুৰৰ এছপিৰ বেদান্ত মাধৱ ৰাজখোৱা, বিশেষ শাখাৰ এছপি ৰিপুল দাসৰ উপৰি চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ দেহতো ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

ৰাজ্যত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় ২,১৯৮ জন৷ গুৱাহাটীতে কালি ৭৬০ জন আক্ৰান্ত হোৱাৰ বিপৰীতে সোমবাৰে অসমত মৃত্যু হৈছে দুজনৰ৷ কালিৰ দিনটোত কাছাৰত ১৩৯, ধুবুৰীত ৫৪, ডিব্ৰুগড়ত ১৪২, যোৰহাটত ১০৪, কামৰূপত ৯৬, তিনিচুকীয়াত ১১৫, শোণিতপুৰত ৬২, শিৱসাগৰত ৫১, হোজাইত ৭৫, চিৰাঙত ৩২, হাইলাকান্দিত ৬০, দৰঙত ২১ জন আক্ৰান্ত হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular