দৰঙত চিকিৎসকৰ ভুলত মৃত্যু শৰৎ চন্দ্ৰ চহৰীয়াৰ! তদন্তৰ ঘোষণা

মঙলদৈ : মঙলদৈৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক ডাঃ শশীন্দ্ৰ চন্দ্ৰ দাস ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হৈছে। উল্লেখ্য যে মঙলদৈৰ শৰৎ চন্দ্ৰ চহৰীয়া নামৰ ব্যক্তি এগৰাকী কিছু অসুস্থ অনুভৱ কৰাত তেওঁ চিকিৎসা প্ৰদান কৰিছিল৷  সোমবাৰে মৃত্যু হয় শৰৎ চন্দ্ৰ চহৰীয়াৰ, মৃত্যুৰ পাছতহে ক’ভিড পজিটিভ বুলি ধৰা পৰে৷

আৰু পঢ়িব পাৰিব : ব্ৰহ্মপুত্ৰ গৰ্ভত নিৰ্মাণ হ’ব দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ

এতিয়া চিকিৎসকগৰাকীৰ নমুনা পৰীক্ষা কৰাত, তেওঁৰ নিজৰ লগতে পত্নী আৰু পুত্ৰ ক’ভিড পজিটিভ বুলি ধৰা পৰিছে৷ ইতিমধ্যে দৰং জিলা প্ৰশাসনে চিকিৎসকগৰাকীৰ ওপৰত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ মৃত্যু হোৱা শৰৎ চন্দ্ৰ চহৰীয়াৰ পৰিয়ালৰ দাবী ক’ভিড পৰীক্ষা কৰিব অনুৰোধ কৰিছিল যদিও চিকিৎসক শশীন্দ্ৰ দাসে বিষয়টো গুৰুত্ব দিয়া নাছিল৷ 

আৰু পঢ়িব পাৰিব  দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলৰ পৰা বহিষ্কাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

যাৰ ফলত ক’ভিড ৰোগত আক্রান্ত হৈ শৰৎ চন্দ্ৰ চহৰীয়াৰ মৃত্যু হয় বুলি পৰিয়ালৰ দাবী, লগতে জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ মঞ্জুৰাণী দেৱীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES